কাজললতা
ধৰণী চেতিয়া
চিলাপথাৰ, ধেমাজি
কাজললতা
তুমিটো জানাই এই কবিক
কিমান দিন তমসা ৰাত্ৰি
উজাগৰে, নীৰৱে, নিৰৱধি
পাৰ কৰিছে দুঃসময়,
কাজললতা
তুমিটো জানাই
কিমান তমসা বিদাৰি
এই কবিৰ চহৰত বিষাদৰ গান বাজে,
উজাগৰি নিশাবোৰ
বুকুত শিল বান্ধি বান্ধি
জীৱন নাটৰ ভাওদি ভাওদি
নান্দি গীতৰ অৱসান ঘটাই
গুচি গ’ল কিমান স্বপ্ন দুচকুৰ মায়াজাল
পাৰ হৈ গ’ল কিমানটা বসন্ত
ৰৈ গ'ল মাথোঁ স্মৃতিৰ দস্তাবেজ হৈ
আৰু বাজি ৰ’ল ক্লান্তিৰ অৱসৰ সুৰ উন্মত্ত গান।।
মাজনিশা বিষাদৰ গানবোৰে সাৰ
পায় জীৱন নাটৰ হিল্লোল তোলে
আগৰ দৰে আৰু মনত নপৰিব
এৰি অহা ল’ৰালি কালৰ মধুৰ বৰ্ণময় কথা
নপৰিব মনত
আইৰ আঁচল ফালি
দৰা-কইনা খেলাৰ কথা
নতুবা নপৰিব মনত
কন্যাগাৰৰ প্ৰেম কাহিনী
আৰু নাথাকিব
বৃন্দাবন কিম্বা মথুৰা
তুমি ৰাধা নোহোৱা আৰু
মই কৃষ্ণ হ’ব নুখুজো
নাথাকিব আৰু সেই আহ্লাদ
নাথাকিব হৃদয়ে-হৃদয়ে
বুকুয়ে-বুকুয়ে আলিংগন কৰা
মধু, মৃদু, শান্ত-প্ৰশান্ত আস্বাদন।।
কাজললতা
তুমিটো জানা মোৰ পিতাক
তেওঁ এজন মৃত কংকাল সদৃশ হোজা কৃষক
মোৰ দেশৰ নেতা-পালিনেতা,
শিক্ষাজীৱি-বুদ্ধিজীৱিৰ কাৰণে
মোৰ পিতা এডাল মেৰু,
পাৰ কৰিলে কত দুঃসময়
মহা হলাহল বিষ পান কৰি অহা শোষণৰ দিন,
এতিয়া আৰু তেওঁ প্ৰতিবাদ নকৰে
হাঁহি মুখে কথা কয়
নানা তিতা-কেঁহা জ্বলা-পুৰা ক্ষোভ
পৰিত্যক্ত, পৰিত্যক্ত
নান্দি গীতত ভৰি থৈ
খৰমানত যৱনিকা পেলায়
গুচি গ'ল কত জনৰ শত শত অভিলাস।।
আৰু সিদিনা আকাশখন ক’লা
ডাৱৰে উপচায় পেলাইছিল আৰু
এই কবিৰ কংক্ৰীটময় চহৰখনত
মহানগৰৰ কদৰ্য্যময় মানু্হবোৰে
পিয়াপি দি ফুৰিছিল
ভোক আৰু জিজ্ঞাসাৰ সন্ধানত
তীব্ৰ আস্ফালন লগাইছে,
ভিৰৰ মাজৰ পৰা কোনোৱে চিঞৰি ক’লে
সুবিধাবাদ গণতন্ত্ৰ কিম্বা ৰাজতন্ত্ৰৰ
অৱসান ঘটিল
সেয়েহে আজি হায়ঠা মাটিত পৰিল।।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment