বৰ্তমান শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ প্ৰত্যাহ্বান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

বৰ্তমান শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ প্ৰত্যাহ্বান


 বৰ্তমান শিক্ষা ব্যৱস্থা আৰু শিক্ষকৰ প্ৰত্যাহ্বান


শ্ৰীযুতা ৰঞ্জু গায়ন বৰুৱা

নামৰূপ


     ৰ্তমান যুগৰ শিক্ষকসকলে বহুতো প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু, প্রাচীন কালত শিষ্যসকলে গুৰুগৃহত থাকি শিক্ষা গ্রহণ কৰিছিল। সেই সময়ত শিষ্যসকলৰ ওপৰত কোনো ধৰণৰ বিত্ত সংক্রান্তীয় দাবী নাছিল। শিষ্যসকলে গুৰুৰ কিছু প্রয়োজনীয় কাম কৰি দিছিল আৰু গুৰুৰ পৰা শিক্ষা লাভ কৰিছিল। শিক্ষা সাং কৰি গুৰুৰ দক্ষিণা হিচাপে গুৰুৱে বিচৰা ধৰণেৰে কিবা এটা দিছিল। সেই সময়ত গুৰুৱেই আছিল সর্বে-সর্বা। কিন্তু আজিৰ সমাজ ব্যৱস্থাত শিক্ষা এক বিনিয়োগ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত এটা ধাৰণাৰ সৃষ্টি হৈছে যে শিক্ষাৰ ক্ষেত্ৰত যিমানেই খৰচ কৰিব পৰা যায় সিমানেই ভাল শিক্ষা পোৱা যায়। উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ বাবে বিভিন্ন ধৰণৰ নতুন নতুন বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ কৌশলসমূহ শিক্ষাৰ ক্ষেত্ৰলৈ আগমন ঘটিছে। ব্যক্তিগত শৈক্ষিক প্রতিষ্ঠান সমূহে এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰা দেখা যায়। সেইবাবে কব পাৰি যে বৰ্তমান শিক্ষকৰ প্ৰথম আৰু প্রধান প্রত্যাহ্বান হৈছে সমাযোজন। বিভিন্ন ধৰণৰ নতুন নতুন শিক্ষাদান পদ্ধতি, শিক্ষাদানৰ সঁজুলি, শিক্ষণীয় বিষয়বস্তু ইত্যাদি দিশসমূহৰ ক্ষেত্ৰত শিক্ষকসকলে বহুতো প্রত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়।


   শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰত ক’ব পাৰি যে বৰ্তমান শিক্ষানুষ্ঠান সমূহত যি ধৰণৰ শিক্ষাদানৰ পদ্ধতি ব্যৱহাৰৰ পোষকতা কৰা হয় তেনে ধৰণৰ শিক্ষাদান পদ্ধতিৰ লগত সৰহসংখ্যক শিক্ষক-শিক্ষয়িত্রীয়ে সহজে খাপ খাব নোৱাৰে। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত নৱ প্ৰজন্মৰ বহুতো শিক্ষক-শিক্ষয়িত্ৰীৰ পদাপর্ণ ঘটিছে। তেওঁলোকে এনে পৰিস্থিতিৰ লগত কম বেছি পৰিমাণে মোকাবিলা কৰিব পাৰিলেও বয়স্ক শিক্ষক-শিক্ষয়িত্রী সকলে এই ক্ষেত্রত বহুতো সমস্যাৰ সন্মুখীন হবলগীয়া হয়। অতীতত সর্বাধিকভাৱে গ্রহণযোগ্য শিক্ষাদান পদ্ধতিটো আছিল বক্তৃতা পদ্ধতি। কিন্তু আজিৰ ছাত্ৰ-ছাত্ৰী বক্তৃতা পদ্ধতিৰ প্ৰতি ইমান বেছি আকর্ষিত নহৈ ক্রীড়া কলাপৰ যোগেদি শিক্ষা গ্ৰহণ কৰাত বেছি ইচ্ছুক। যাৰ ফলশ্ৰুতিত আধুনিক শিক্ষা ব্যৱস্থাত বহুতো শিক্ষা আর্হি (Teaching Model) উদ্ভাৱন হৈছে। এই আৰ্হিৰে প্ৰদান কৰা শিক্ষা বহুত বেছি পৰিমাণে ফলপ্ৰসু হৈ উঠা দেখা পোৱা গৈছে। কিন্তু এই আৰ্হিবোৰ শিক্ষাদানত প্রয়োগ কৰিবলৈ শিক্ষকে প্রথমে নিজে জানি ল'ব লাগিব। বহু সময়ত দেখা যায় যে শিক্ষক শিক্ষয়িত্রী সকলে বিভিন্ন কাৰণবশতঃ এইবোৰ আয়ত্ব কৰিবলৈ সক্ষম হৈ নুঠে।


   শিক্ষাদানৰ সামগ্ৰীৰ দিশলৈ চালে দেখা যায় যে অতীতত শিক্ষা প্রদান কৰিবলৈ ব্লেক বর্ড, চক-পেঞ্চিল আদিৰ দৰে দুই এপদ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। কিন্তু বর্তমান শিক্ষা ব্যৱস্থাই ইমানেই অগ্রগতি লাভ কৰিলে যে শিক্ষাদানৰ সঁজুলিৰ সংখ্যা অত্যাধিকভাৱে বৃদ্ধি হ'ল। যিবোৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ শিক্ষক-শিক্ষয়িত্রীসকল অতি উন্নত মানদণ্ডৰে প্রশিক্ষণপ্রাপ্ত হব লাগিব। উদাহৰণস্বৰূপে ক'ব পাৰি যে বৰ্তমান সময়ত I.C.T. (Information and Communication Technology) এনে এক ফলপ্ৰসু মাধ্যম যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ভি.ডি.অ’., ছবি ইত্যাদিৰ সহায়েৰে অতি সুন্দৰভাৱে শিক্ষা লাভ কৰিবলৈ সক্ষম হয়।


   বৰ্তমান সময়ৰ শ্ৰেণীকোঠা এটাত বিভিন্ন ভাষা কোৱা ছাত্র-ছাত্রী থাকে। সেইসকল ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষা তথা ঘৰুৱা ভাষাৰ সৈতে বিদ্যালয়ত ব্যৱহৃত মান্যভাষা একে হোৱা পৰিলক্ষিত নহয়। যাৰ ফলত শিক্ষকসকলৰ ছাত্ৰ-ছাত্ৰীৰ লগত যোগাযোগ তথা পাঠ আদান-প্রদানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। শিক্ষকসকলে অতি দৃঢ়তাৰে এনে প্রত্যাহ্বানৰ সন্মুখীন হৈ সমস্যাসমূহৰ সমাধান কৰি শিক্ষাদান কার্য চলাই যাবলগীয়া হয়।


   অতীতৰ শিক্ষণীয় বিষয়বস্তু আৰু বৰ্তমানৰ বিষয়বস্তুৰ মাজত এটা বৃহৎ পার্থক্য দেখিবলৈ পোৱা যায়। অতীতত শিক্ষণীয় বিষয়বস্তু হিচাপে শিক্ষকে যিবিলাক শিক্ষা প্রদান কৰিছিল সেয়াই ছাত্ৰ-ছাত্ৰীসকলে গ্রহণ কৰিছিল। কিন্তু বৰ্তমানৰ শিক্ষণীয় বিষয়বস্তু সমাজকেন্দ্রিক। সমাজত জনসাধাৰণে যেনে ধৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰে সেই অনুসৰি শিক্ষণীয় বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। গতিকে পাঠ্যক্রমখন গতানুগতিক নহৈ পৰিৱৰ্তনশীল হোৱা দেখা যায়। এই পৰিৱৰ্তনশীল পাঠ্যক্ৰমখনৰ লগত খাপ খোৱাটো শিক্ষক সমাজৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান।


  এইবোৰৰ উপৰিও শিক্ষকসকলে অন্য বহুতো প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। চৰকাৰী শিক্ষানুষ্ঠান সমূহত শিক্ষকসকলে এটি উচিত পাৰিশ্রমিক পায় যদিও সেই দৰমহা প্ৰদান কৰাৰ ক্ষেত্ৰতো চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষৰ বহুতো খেলিমেলিৰ সৃষ্টি হয়। সময়মতে দৰমহা নোপোৱাৰ বাবে বহুতো শিক্ষক-শিক্ষয়িত্রীয়ে হীনমন্যতাত ভূগিবলগীয়া হয়। আনহাতে বেচৰকাৰীখণ্ডৰ বহুতে অতি নিম্ন পাৰিশ্রমিকেৰে শিক্ষাদান কার্য চলাই থাকিবলগীয়া হৈছে।


   চেকনিৰ আগত বিদ্যা এই বাক্যশাৰীৰ অস্তিত্ব বৰ্তমান সময়ত তেনেই অৱনমিত হৈছে। বর্তমান শিক্ষানুষ্ঠানত সামান্য পৰিমাণে হ'লেও শাৰৰিক শাস্তি প্রদান কৰাত নিষেধাজ্ঞা আছে। অতীতত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এটা সৌহাদ্যপূর্ণ। সম্পর্ক গঢ় লৈ উঠিছিল যদিও তাত এক শ্রদ্ধামিশ্রিত ভয়ৰ ভাৱ আছিল। কিন্তু বর্তমান সময়ত বহুত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্ক তেনে নহয়। বর্তমান সময়ত বহু ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ আগত বহুতো অবাঞ্চিত আচৰণ কৰা দেখা যায়। এনে আচৰণসমূহ হয়তো ইয়াৰে পৰিণাম। এই সমস্যাটো বর্তমান শিক্ষকৰ বাবে ডাঙৰ প্ৰত্যাহ্বানৰূপে থিয় দিছে।


   তদুপৰি বিদ্যালয়সমূহৰ কেৱল মাত্ৰ এজন শিক্ষকৰ দৰে জটিলতাপূর্ণ প্রত্যাহ্বানৰ সৈতেও শিক্ষকসকলে মোকাবিলা কৰিবলগীয়া হয়। লগতে আন বিভিন্ন কাম যেনে ভোট গ্রহণ, পিয়ল, নাগৰিক পঞ্জীয়ন ইত্যাদি কামত চৰকাৰী শিক্ষকৰ নিয়োগে শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে মুঠেই শুভলক্ষণ বুলি ক'ব নোৱাৰি। লগতে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত থকা বিতর্ক আৰু জটিলতা আছেই।


  প্ৰতিটো কাৰ্যৰে যিদৰে এটা কাৰণ থাকে ঠিক তেনেদৰে প্ৰতিটো সমস্যাৰ অন্তৰালত এটা সমাধানৰ পথ থাকে। শিক্ষক সমাজলৈ বিভিন্ন দিশৰ পৰা যিমানেই প্রত্যাহ্বান আহিলেও সেইসমূহ নিয়ন্ত্ৰণ কৰি এটা সুস্থ আৰু নিকা শিক্ষাদান প্রক্রিয়া চলাই নিয়াত শিক্ষকসকলে বহুতো কষ্ট তথা ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। তেওঁলোকে সকলো প্রত্যাহ্বানৰ মোকাবিলা কৰি তথা নেতৃত্ব প্রদান কৰি ছাত্ৰ-ছাত্ৰী তথা সমাজ এখনক পোহৰৰ দিশে আগুৱাই লৈ যোৱাত যথেষ্ট অৰিহণা যোগাই আহিছে। যাৰ ফলশ্ৰুতিত মানৱ সম্পদ উন্নয়নৰ লগতে মানৱ মূলধন গঠন কৰিব পৰা যাব আৰু সমাজত ন্যায় প্রতিষ্ঠাৰ লগতে সর্বাংগীন উন্নতি সাধন হ'ব। এই ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগতে চৰকাৰ আৰু বিভিন্ন দল সংগঠনসমূহৰ সমন্বয় সাধনৰ জৰিয়তে বিভিন্ন দল সংগঠনসমূহৰ সমন্বয় সাধন অতি প্রয়োজনীয় লগতে ইয়াৰ বাবে সকলোৱে একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে কাম কৰিব লাগিব। তেহে সর্বাংগীন শৈক্ষিক বিকাশৰ যোগেদি সমাজ তথা দেশ প্রগতিৰ জখলাৰে আগুৱাবলৈ ল’ব।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages