স্বাধীনতাৰ বিলাপ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

স্বাধীনতাৰ বিলাপ

 

স্বাধীনতাৰ বিলাপ


                      শ্যামন্ত পায়েং

                              মাজুলী


উতলা তেজত হাড় সিজাই ভোক মাৰিছোঁ।

দৰিদ্ৰতাৰ পিঞ্জৰাত বন্দী কৰি

অভাৱে আমাক চেকনিৰে কোবাইছে

স্বাধীনতা ইয়াৰপৰা কিমান দূৰত?


দেহৰক্ষীৰ বন্দুকৰ নলীত লুকাই থাকে

আমাৰ ৰজাৰ প্ৰাণ বায়ু। প্ৰজাৰ স্বাধীনতা ক’ত?


জি এছ ৰোড কিম্বা মহানগৰীৰ অলিয়ে গলিয়ে

নাৰীৰ উঠন বুকুত পমি যায় স্বাধীনতাৰ সংজ্ঞা

ফুটপাথৰ ভিক্ষাৰী, শিশু শ্রমিক 

আৰু খাটি খোৱা জনতাই নাজানে স্বাধীনতাৰ অৰ্থ

স্বাধীনতা ইয়াত টকাত নাচে। টকাত ঘূৰে।


যোৱাবাৰৰ বৰবানতেই শুভ্ৰ বালিৰে ঢাকি ৰখা

পিতাইৰ পথাৰখন সেইজীয়াৰ নামগোন্ধ‌ই নলয়

অথচ পিতায়ে কৰৰ বোজাত ডুব গৈয়ে থাকে

কৰৰ বোজাত কোঙা হৈ পৰাৰ পিছতো

 পিতায়ে কাহানিও স্বাধীনতাৰ সংজ্ঞা নিবিচাৰে।


ইয়াত নিৰ্ভয়ে ওলাই যোৱাৰ স্বাধীনতা নাই

স্বাধীনতা নাই কথা কোৱাৰ। প্ৰতিবাদ কৰাৰ।

অন্যথা যিকোনো মুহূৰ্তত আতক হৈ যাব পাৰে আপুনি।

কাৰণ ইয়াত ৰক্ষকৰূপী ভক্ষকৰ বসতি ঘণ।


আপুনি নাৰী? কৃপা কৰি অকলে ওলাই নাযাব।

একমাত্ৰ নাৰীৰ যোনিত বিবেক সংস্থাপিত 

এজাক নৰপিশাচ বাটতে লগ পাব পাৰে।

লগ পালেই ইহঁতে আপোনাক নিৰ্মমভাৱে হত্যা কৰিব পাৰে

নকৰিলেও আপুনি জীয়াই থাকিব নোৱাৰিব অন্তদন্দত।

মনত ৰাখিব, ইয়াত ইচ্ছা মৃত্যুৰো স্বাধীনতা নাই।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages