আঁচ
সঞ্জীৱ সাগৰ চৌধুৰী
পোন কৰিবলৈ বেকাঁ আঁচডাল
ইফালে সিফালে বহীখন ঘুৰাই আছো
ফালি পেলোৱাৰ কথা ভাৱিছো
পাতখিলা বহুবাৰ
এডাল ৰেখাৰে মোৰ কবিতা নহয়
আৰু কবিতা মোৰ বাবে
দুচকুৰ চিয়াঁহিৰে কটা এটি বাট
দেউতাৰ গো-বটীয়া চকুহালে
এতিয়াও দোহাৰে
ঘৰমুৱা গৰুৰ
বাটকণা কেতিয়াও নালাগে !
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment