ঐন্দ্ৰজাল
তুলিকা দেৱী
নগাঁও
তুমি এক পশ্চাৎমুখী প্ৰতিৰোধ
ল'ৰালিৰ আদিপাঠ,
বয়সন্ধিৰ জোনাক
ঢৌ খেলা দেহৰ
প্ৰোজ্বল সুষমা
অথবা ক্লীৱ দুখ
সকলো হেচুকি মন-মগজুত তোমাৰ
ঐন্দ্ৰজালিক ক্ৰিয়া-কলাপ
আপাততঃ
তেজৰ শামুকীয়া গতিত
শুকাব ধৰে অস্থি, চৰ্ম
উশাহৰ পৰা নিশাহলৈ
বহু কালাংশৰ যুঁজ
জী উঠিবলৈ বিস্মৃতিৰহে প্ৰয়োজন
বিধ্বংসী স্মৃতিৰ নহয়
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment