প্ৰণাম শিক্ষাগুৰু
ববী কলিতা
সুন্দৰীশাল, কামৰূপ
মানৱ সভ্যতাৰ ভেটি
তুমিয়েই গঢ়িলা,
হে মহীয়ান সিঁচি দিলা
আমাৰ বুকুত শিক্ষাৰ বীজ,
আগবাঢ়িবলৈ প্ৰতিটো খোজতে
দিলা নীতি শিক্ষা।
কণ কণ শিশুৱে বিচাৰে তোমাৰ
কোঁচতে জীৱনৰ আদিপাঠ,
প্ৰতিটো শিশুৰ ওঠতে
ফুটালা ভাষা,
তুমিয়েইটো মনত সাহস দিলা
সপোন পূৰা কৰিবলৈ।
জীৱনৰ প্ৰতিপল সময় দি গ’লা
পৃথিৱীৰ প্ৰতিটো বস্তুৰ লগত
চিনাকি হবলৈ,
চকুৰপতা মেল খুৱালা,
তুমিয়েইটো জীৱনটো সজাবলৈ
প্ৰেৰণা দিলা।
ধনী-দুখীয়াৰ ভেদাভেদ নকৰি
তুমিয়েই স্বাক্ষৰ কৰিলা,
পূজিম তোমাক পিতৃ মাতৃৰ দৰে
জীৱনৰ প্ৰতিটো ক্ষণত,
অৰ্চনা কৰিম তোমাৰ শ্ৰীচৰণত
জীৱনৰ প্ৰতিটো সফলতা।
নিস্বাৰ্থভাৱে দিলা আমাক জ্ঞান,
আমিবোৰে পোহৰ দেখিলোঁ
তোমাৰ বাবেই,
হে মহান শিক্ষাগুৰু তোমাক
যাচিছো হৃদয় উজাৰি
শতকৌটি প্ৰণাম।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment