জিৰো’ বেংক বেলেন্স
ৰীতে ৰিদম
জিৰো’ বেংক বেলেন্স—
শূন্যৰ এক দৰ্শন,
সংখ্যাৰ ভিতৰত সৰ্বাধিক নীৰৱ,
কিন্তু সৰ্বাধিক শক্তিশালী।
শূন্য মানে হেৰুৱা নহয়
ই মানে পুনৰ আৰম্ভণি,
যেনে অন্ধকাৰৰ পাছতে জন্মে প্ৰভাত
তেনে জিৰোৰ পৰা জন্মে এক অনন্ত সম্ভাৱনা।
জিৰো’ত কোনো ভাৰ নাই
কোনো আকৰ্ষণ নাই—
ই মানুহক শিকায়
ধনৰ ওপৰত নহয়
অস্তিত্বৰ মূল শক্তি নিৰ্ভৰ।
জিৰো’ বেলেন্সে মানুহক সতৰ্ক কৰে—
অপব্যয়ৰ বাটত নহয়
সংযমৰ পথত খোজ দিবলৈ শিকায়
যেনে নদী শুকাই গ’লে
বৰষুণৰ বাবে আকাশলৈ চায়।
শূন্যতাই সকলো সৃষ্টিৰ আধাৰ,
সংখ্যাবোৰ শূন্য নোহোৱাকৈ অসম্পূৰ্ণ
তেনে জীৱনো—
জিৰো’ বেলেন্স এক দুখজনক সত্য
কিন্তু সেই শূন্যতাই
ভৱিষ্যতৰ পূৰ্ণতাৰ বীজ।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment