কবিতা এটা লিখো বুলি বহিলেই
ৰঞ্জন বৰ্মন
বগীনদী, লখিমপুৰ
বহু দিনৰ পাছত হাতত কলম আৰু বহী লৈ
কবিতা এটা লিখো বুলি বহিলো
এনেতে মোৰ সোঁকাষে আহি থিয় দিলে সুখ আৰু বাঁওকাষে দুখ
দুয়োৱে মোক দুফালে টানিবলৈ ধৰিলে
সুখে মোক টানি নি দেখুৱালে আইৰ ওঁঠৰ সেই গোপন হাঁহি
যিদিনা আইৰ শিৰৰ সেওঁতা ফালি পিতায়ে আঁকিছিল ৰঙা বেলি
মোৰ জন্মৰ দিনাও আইৰ ওঁঠত আছিল সেই একেই হাঁহি
লগে লগেই দুখে ফেপেৰি পাতি ধৰিলে
আৰু মোক টানি নি দেখুৱালে
পিতাই কোনোদিনেই উভতি নহা বাটেৰে গুচি যোৱা দিনা
বুকু ধিয়াই কন্দা আইৰ কৰুণ বিননি
সুখে একোবাৰত মোক টানি লৈ গ’ল মোৰ যৌৱনৰ
প্ৰথম প্ৰেমাস্পদৰ কাষলৈ
যাৰ স্পৰ্শত মই চৰাই হৈ উৰিছিলোঁ, ফুল হৈ ফুলিছিলোঁ
যাৰ দুচকুৰ পোহৰেৰে চাবলৈ শিকিছিলো সেউজীয়া পৃথিৱী
গাবলৈ শিকিছিলো ভালপোৱাৰ গান
লগে লগেই দুখে উভতি ধৰিলে আৰু মোক টানি নি দেখুৱালে
প্ৰেম হেৰুৱাই উদযাপন কৰা প্ৰতিটো নষ্ট ৰাতিৰ ইতিহাস
কবিতা এটা লিখো বুলি বহিলেই এনে বহু কাৰকে
আগা-ডেৱা কৰে মোৰ মন গহনত
আৰু অৱশেষত মই হেৰুৱাই পেলাও আধা লিখা কবিতাৰ ছন্দ
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫
No comments:
Post a Comment