হেতালি
ত্ৰিদিপ বৰা
চকৰিগাঁও, নগাঁও
ধলফাঁট দিওঁতেই দেখিলোঁ কোবাকোবিকৈ মোৰ ফালে এটা পিশাচ আহিছে
মই কাণিদুৱৰীকৈ মেলি থোৱা দুৱাৰখন বাহিৰৰ পৰা জপাই দিলোঁ
মোৰ বুকুখন কঁপিছে
হঠাৎ এটা প্ৰচণ্ড শব্দ
পিতাইৰ কোঠালিৰ পৰা এডাল অব্যৰ্থ শৰ ওলাই গৈছে
ইতিমধ্যেই পোহৰ হ’ল
পোহৰত পিশাচৰ ঠাই নাই
ঠাইডোখৰলৈ দৌৰি গৈছোঁ
ইমান ধূলি
আয়ে বৰপেৰাৰ জাপে জাপে ফঁটা
মুগাৰ মেখেলাখন পিন্ধিছে
ধূলি নহয়
এয়া চিতাভস্ম
ভস্মাসুৰ এটা পিশাচ
আৰু অলপ আগুৱাই গৈছোঁ
বতাহত কিবা এটাই গুজৰি আছে
মোৰ বহু পিছত থাকি অহা মানুহবোৰৰ অস্পষ্ট কিবা
ইয়াৰ পৰা ৰৈ চালে বহুতক ধলফাঁটৰ পিশাচহেন দেখি!
মই চেষ্টা কৰিছোঁ শুনিবলৈ
পাপ, পাপ, পাপ
মই এটা পাপ
আইলৈ চালোঁ
আয়ে ভেলেঙীৰ কথাটোকেই দোহাৰিছে
“তোৰ চৈধ্য পুৰুষ উদ্ধাৰ হ’ল।”
পিতাইলৈ চালোঁ
পিতায়ে লেৰেলা আতৈৰ কথাটোকেই আকৌ কৈছে
“তোৰ ঘৰত দৈৱ।”
এইবাৰ ধলফাঁটত অহা পিশাচক মোৰ তৃতীয় চকুৱে পুৰিব।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment