কোনে কয়
অংকুৰিতা ফুকন
কোনে কয়-
সময়ে সকলো বিষ পাহৰায় পেলায়
পাৰ হৈ গ'ল কতটা শীত
বিষবোৰৰ উপশম নোলায়…
কোনে কয়-
বিচ্ছেদ থাকিলেহে প্ৰেমে পূৰ্ণতা পায়
মোৰ অংশ কাটি প্ৰেম কৰিলোঁ
কটা ঘাৰ তেজ কোনেও দেখা নাপায়…
কোনে কয়-
সকলো শেষৰ এটি আৰম্ভণি থাকে
মোক ধৰাসায়ী কৰা হাতখনেই
মোৰ শেষ কাহিনী লিখে…
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment