কল্কী আহিছে
জিতেন পায়েং
ঘৰৰ জপনাবোৰ মাৰি দিয়া
দুৱাৰ খিৰিকিবোৰ জপাই থোৱা
মন্দিৰৰ ঘণ্টা ধ্বনি বন্ধ কৰা
নামঘৰৰ দবা কাঁহ শংখবোৰ নবজাবা
মুখবোৰ মুখোৰা লগাই ঢাকি
লোৱা
হাতবোৰ যিমান পাৰা লুকুৱাই থোৱা...
ৰক্তাক্ত ঘোঁৰাত উঠি
কল্কী আহিছে
দুহাতত উদ্যত তৰুৱাল
ডিঙিত নৰমূণ্ডৰ মালা
জেৰুজালেমত কোৱাৰেণটাইন যিছু
মক্কাত আল্লা
মন্দিৰে মন্দিৰে ভগবান
চহৰবোৰত ঘোষণা কৰা ৰ্কাফিওৰ পিছত ৰ্কাফিও
লকদাওনৰ পিছত লকদাওন
ষ্ট্ৰিট লাইটবোৰ নুমাই দিয়া
এন্ধাৰত ছাঁবোৰ লুকাওক
শিশু আৰু বৃদ্ধবোৰক উশাহ লবলৈ নিদিবা
কল্কী আহিছে
কভিডৰ ভেশেৰে কল্কী আহিছে ...
জিভাত নৰতেজৰ সোৱাদ
দিন দুপৰতে শিয়ালৰ হুৱা
শগুণ উৰিছে আকাশত
ৰাজপথত কেঁচা তেজৰ চেঁকুৰা
প্ৰেতাত্মাৰ গিজগিজনী
মৰাশৰ দ’ম ...
দুৰৈত কোনে পাঠ কৰে
কলিৰ শেষত হৈব কল্কী অবতাৰ….
Doksiri দকচিৰি, আগষ্ট, ২০২৫
No comments:
Post a Comment