অন্তৰখনে কেতিয়াবা অভিনয় কৰে
মিনাক্ষী জোন গগৈ
যোৰহাট
এই যে, আমাৰ মাজৰে হয়তো বহুতে বাহ্যিক চেহেৰাত কেতিয়াও ৰহণ সানি ভাল নাপায় আনকি মুখত মেকাপ আদি জাতীয় বস্তু লগাবলৈ বিশেষ অনিশাস জাগে।
আনহাতে, আমাৰ সমগ্ৰ জন লোকৰ আভ্যন্তৰীণ মনটোৰ অনুভৱ বোৰ যেতিয়া বাহ্যিক ভাবে আচৰণত প্ৰকাশ কৰোঁ তেতিয়া আমি যে কিমান ৰহণ সানো তাৰ জানো আমাৰ হাতত হিচাপ আছে।
এই যে অন্তখনত হাজাৰ দুখ, কষ্ট অথবা বেদনা নাথাকক কিয়? আমি যে বাহ্যিক চেহেৰাত সদায়ে সুখী হৈ থকা অভিনয় কৰোঁ। মিছাকৈ হ’লেও যে ওঁঠত সদায়ে এটা হাঁহি বিৰিঙাই ৰখা,অন্তৰৰ আবেগ বোৰ লুকুৱাই – এই যে প্ৰত্যেক সময়তে আনক হহুৱাবলৈ যত্ন কৰা। আনৰ সুখতে সুখ বোৰ বিচাৰি উলিওৱা আদিবোৰে কেতিয়াও অন্তৰৰ বেদনা বোৰক বাহ্যিক চেহেৰাত প্ৰকাশ নকৰে।
সৰ্বজন লোকে কয় - মেকাপত জহতে হেনো বান্দৰীও সুন্দৰী হয়। তেন্তে বাৰু অন্তৰৰ হাজাৰ দুখ, কষ্ট, বেদনাবোৰ যেতিয়া বাহ্যিক চেহেৰাত ‘সুখী’ মানুহৰ অভিনয় কৰা মেকাপক আপুনি বাৰু কি নাম দিব ?
Doksiri দকচিৰি, ছেপ্টেম্বৰ, ২০২৫


No comments:
Post a Comment