তোমাৰ আগমন
ইৰা দেৱী
মৰহি যোৱা ফুলপাহ
তুমি আহি জীপাল কৰিলা,
অকলশৰীয়া এই আধৰুৱা জীৱনটোক
তুমি আহি এক নতুনত্ব দিলা।
তোমাৰ আগমনে সলনি কৰিলে
জীৱনৰ গতিপথ,
তুমি অহা বাতৰিত প্ৰাণ পাই উঠিল
থান-বান হোৱা মোৰ সেই স্বপ্ন।।
অসম্পূৰ্ণ এই জীৱনটো
সম্পূৰ্ণ হৈ উঠিল
তোমাৰ আগমনত।
মৰহি যোৱা ফুলপাহ
আকৌ জীপাল হ’ল
তোমাৰ আগমনত।।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment