সলনি হ’ল সকলো
সঞ্জয় ৰেগন
যোৰহাট
শৈশৱৰ দিন আজি স্মৃতিৰ ঢৌত
এৰি অহা মধুৰ ক্ষণবোৰলৈ মনত পৰে
সঁচাকৈ সোণালী যুগৰ অৱসান ঘটিল
কিয়নো, সেই যুগৰ ক্ষণবোৰত
মোহ মায়াৰ সম্ভেদ নাছিল ।
মৰম চেনেহৰ ঢৌত সুখৰ নৈ বৈছিল,
সেইবোৰ আজি পাহৰণিৰ গৰ্ভত।
সলনি হ'ল সকলো; পৰিস্থিতিৰ খাপত,
আধুনিকতাৰ কবলত পৰি সোঁৱৰণিৰ পৃষ্ঠাত।
চাওঁতে চাওঁতে শৈশৱৰ
সোণালী দিন উকলি গ’ল,
ভাল দিন, ভাল মনৰ সংগ
আজি হেৰাই গ’ল।
আকৌ যদি সময়ৰ চকৰিডাল
ঘূৰাব পৰা হ’লে,!
মধুৰ ক্ষণবোৰ ঘপকৈ বুটলি আনি
সাঁচি ৰাখিলোঁ হয়।
মনে সজা কাহিনীবোৰ
বাস্তৱ ৰূপ দিয়া মঞ্চ খনত,
আক্ষেপ কাৰো নাছিল,
সেয়া আছিল এক জীয়া ছবি।
মন গলেও এতিয়া জীয়া ছবিৰ দৰ্শকৰ অভাৱ,
কিয়নো; সলনি হ’ল সকলো,
সেই মঞ্চৰো অৱসান ঘটিল।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment