হিলদল ভাঙি বসন্তৰ ধুমুহা এজাক
ৰুদ্র সিংহ মটক
(উৎসর্গঃ প্রিয় কবি হীৰেন ভট্টাচার্য)
শব্দ কল্পদ্রুম – মোৰ তেজৰ শিখাত ঘুমন্ত জোন,
নীলা কাঁইটৰ জুছত তুমৰলি কলিজাৰ লাল গোলাপ।
কবিতা নহয় শব্দৰ বালিঘৰ সাঁথৰ ভঙাৰ মজাৰ খেল; ই যে মোৰ ইস্পাতৰ হৃদপিণ্ডত গুজৰি গুমৰি শব্দব্ৰহ্মৰ বজ্র নির্ঘোষ;
এন্ধাৰৰ গম্বুজ ভঙা তুমুল গর্জন।
তর্জনীৰ তেজ লগা ট্ৰগাৰত দুঃসময়ৰ স্তব্ধ
ঘড়ী, দুদিন-দুর্বিপাক। বঙা মেঘৰ লৰাঢপৰা, তেজত
ব্ৰস্ত জোন এন্ধাৰ বুকুত মোৰ ৰু-ৰুৱাই জ্বলে জুই-আঙনিৰ
অচিন আকাশ।
ৰাতিৰ আস্তাবলত হঠাতে হেজাৰ ঘোঁৰাৰ খুৰাৰ
শব্দ সমদল; নে তেজৰ তলিৰ পৰা হিলদল ভাঙি আহে
শেষ বসন্তৰ বৰদৈ ধুমুহা এজাক !...
ঠিকনাঃ
অম্বিকাগিৰি নগৰ, হাউছ নং-তিনি
ত্রিবেণী পথ, গুৱাহাটী
Doksiri দকচিৰি, আগষ্ট, ২০২৫


No comments:
Post a Comment