চৰাই - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

চৰাই

 

চৰাই


               জুৰি গোস্বামী শৰ্মা

                পাঠশালা, বজালী 


দুপাখিত গুজি এটি

ধুনীয়া সপোন

উৰি যে ফুৰা তুমি

নীল গগনত,


তোমাৰ দুপাখিত থাকে

সপোনৰ হেঙুলীয়া আভা

তোমাৰ কাকলিত পোহৰ হয়

প্ৰতিটো পুৱা।


তোমাৰ কাকলিয়ে আদৰে

পূৱৰ উদিত ভানুক

তোমাৰ কাকলিয়ে জগাই

বিশ্বৰ প্ৰতিটো বিন্দুক,


তুমিয়েই শিকোৱা আমাক

বিশ্ব অধ্যয়নৰ নিপুণ পৰিক্ৰমাক।

সৃষ্টিৰ পাতনিতে তুমি

জগালা বিশ্বক


আজিও আছা তুমি

সেই একেই ঠিকনাতে

বিচাৰি পোৱা জীৱন

একেই পৰিক্ৰমাতে।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages