ছাতি
প্ৰজ্ঞাপাৰমিতা বৰুৱা
আপুনি বাৰু আপোনাৰ ছাতিটোৰ কথা
কেতিয়াবা ভাবেনে?
ৰ’দে, বৰষুণে যাক মই নিঃসন্দেহে ভৰসা কৰিব পাৰোঁ
শৈশৱৰ ৰঙীন-ফুটুকীয়া ছাতিটোৰ পৰা
আদ-জীৱনৰ ক’লা ছাতিটোলৈ...
কেনেকৈনো কওঁ যে
তাৰ স’তে মোৰ কোনো আত্মাৰ সম্পর্ক নাই?
সন্মানৰ সম্পর্কৰ বাবেই তাৰ মূল্য আছে
আৰু মই তাক মূল্য দিছোঁ
বিশ্বাসৰ সম্পর্কৰ বাবেই ভৰসাৰে মই
তাৰ আশ্রয়ত শৰণাপন্ন হৈছোঁ
আত্মীয়তাৰ সম্পর্কৰ বাবেই ক’ৰবাত এৰি আহিলেও
‘মোৰ’ বুলি বুটলি আনিব পৰাকৈ সি মোক সংগ দিছে
ছাতিটোক কেতিয়াবা আই-পিতাইৰ দৰে লাগে
যেনেকৈ আই-পিতাইক ছাতি এটাৰ দৰে লাগে...!
ছাতিটোক কেতিয়াবা প্ৰিয় বন্ধুবৰ্গৰ দৰে লাগে,
আপোন বন্ধুসকলকো ঠিক ছাটিটোৰ দৰেই লাগে...
অচিনাকি বতাহৰ টনা-আঁজোৰাত কেতিয়াবা
তাৰ স’তে ক্ষণিক সম্পর্ক বিচ্ছিন্ন হ’লেই ভাবোঁ
ছাতিটোচোন মোৰ প্ৰেমিকৰ দৰেই...
তেতিয়াই সামৰি-সুতৰি তাক বেগত ভৰাই লওঁ।
ছাতি এটাৰ প্ৰয়োজন সকলোৰে থাকে
যদিও আত্মবিশ্বাসৰ কৱচ পিন্ধি আমি সকলোৱে এদিন
হৈ উঠো “গাত ৰ’দ নলগা আৰু বৰষুণ নপৰা মানুহ”
ছাতি এটা সকলোকে লাগে,
যি ৰঙৰে হওঁক, প্ৰশান্তিৰ ছাঁকণৰ বাবে
ছাতি আৰু ছাতিৰ দৰে মানুহবোৰ
আমাৰ সকলোৰে প্ৰয়োজন আছে।
Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫

No comments:
Post a Comment