আইজনীৰ মাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

আইজনীৰ মাক

 

আইজনীৰ মাক


                                    অমল দাৱ

                                   বোকাখাত


আজি গোটেই ৰাতি মুষলধাৰে বৰষুণ দি আছে

আজি গোটেই ৰাতি তোৰ গাৰ উমাল পৰশ মোৰ গাত লাগি আছে

তোক শেতেলিত কেনেকৈ এৰো অ আইজনীৰ মাক

আহোঁ আহোঁ আহিনী পুৱাৰ চেচাঁ পৰশে চৌদিশ পিয়াপিছে


তোৰ ভাগৰুৱা দেহৰ টোপনি 

আচলখন খহি লোভ লগাকৈ উদং খাইছে পুৰঠ বুকুখন 

আৰু অলপ শুই লওঁনেকি কাষতে 


আইজনীৰ মাক অ’

এইকণ সুখ লিখানাই কপালত 

শেষ ভাদৰ বোকা কিডৰা নিদিলেও নহয়

নিজৰখিনি শেষ হ’ল যদিও লাগতিয়াল কঠিয়া কিহেকা কণপাইঘৰৰ পৰাই আনি থৈছো 

এতিয়া আৰু কোনো চিন্তা নাই 

পথাৰখনো গেঁৰধৰিব তোৰ সমানে সমানে


অ’ আইজনীৰ মাক দেখিছনে কেনেকৈ হালিজালি ফুলিছে কঁহুৱা ফুলবোৰ 

পূজালৈ আৰু বেছিদিন নাই

এইবিলি পূজাৰ বজাৰৰ পৰা আগতীয়াকৈ কিনি থবি নেকি পুতলা আৰু ৰঙানীলা বেলুন কেইটামান


লোকপাল বিধেয়ক ৰামলীলা মৈদান নাগৰিকত্ব বিল লাষ্টগেট আন্না হাজাৰে  অমৃত শ্বাহ অখিল লুৰীণ গৌৰৱ গগৈ কিম্বা হিমন্ত বিশ্ব শৰ্মা  চিনাকী অচিনাকী কিনো গৰজ আমাৰ 

তয়ে ময়ে সুখী হলে বোকা মাটিৰ গোন্ধকেই ল’ম

পথাৰত তৰাপাতত দিয়া নামচিং ভোটজলকীয়া থেকেছি পইতাভাত খোৱাৰ সোৱাদেই বেলেগ অ আইজনীৰ মাক


নেলাগে আমাক বিলাসী অটনমাচ নেলাগে খৰিকা নেলাগে মাইহাং

নিখাও ডেলিকেচিত এসাঁজ ভাত 

আমাৰ মাজলৈ এইবাৰ পোনাকণ আহিলে ফুলা সৰিয়হনীৰ মাজৰ লুংলুঙীয়া বাটেৰে নি তাক টঙীঘৰৰ জখলাৰে ওপৰলৈ বগাবলৈ শিকাম 

জাষ্টিন বেই- বেই বেই -বেৰ মিউজিক শুনোৱাতকৈ চাপৰিৰ খুটিৰ ম’হৰ ডিঙিৰ টিলিঙাৰ তালৰ সৈতে চিনাকি কৰাম


নহ’লে যে আৰু উপায়নাই অ’ আইজনীৰ মাক দিনকাল বৰ বেয়া হ’ল।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages