নিশাৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, August 31, 2025

নিশাৰ কবিতা


 নিশাৰ কবিতা


                      লক্ষীনাৰায়ণ শৰ্মা


চন্দন নগৰৰ সোঁফালৰ গলিটো মোৰ চিনাকি,

তাত নিশাৰ আঁচলত থমকি ৰোৱা বহুত হাঁহি আৰু কান্দোন আছে।


মই সদায়  যাওঁ তালৈ,

তাত এগৰাকী নাৰী থাকে —

যাৰ আঁচলেৰে ঢকা আছে বহুতো অপ্ৰকাশিত কাহিনী।


তাইৰ এটা সন্তান আছে,

যাৰ চকুত “দেউতা” শব্দটো যেন 

এখন খালী টোকাবহী —

পাত লুটিয়ালেও কাহিনী নাপাওঁ। 


তাইৰ ওচৰলৈ মই কেতিয়াও হাত নিনিওঁ,

নাচাওঁ তাইৰ উকা কপালখন —

ভয় কৰোঁ –

মই আকৌ এজন সন্তানৰ জীৱনত

একেখন খালী টোকাবহী হৈ সলনি কৰি নিদিওঁ

তাৰ জীৱনৰ পৃষ্ঠাবোৰ 


ৰাস্তাটোৰ প্ৰতি নিশা ঢাকনি মাৰি থকা আঁচল,

মই সলনি কৰিব নোৱাৰোঁ —

মাত্ৰ চাই থাকোঁ,

যেন কোনোবাদিন তাইৰ সন্তানে

গলিটোত ফুলি উঠা এপাহ  সপোনৰ ফুল চাব পাৰে।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages