বৗদাং (BÉDANG) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

বৗদাং (BÉDANG)



 বৗদাং (BÉDANG)

(পৰিবৰ্তিত চিন্তা-চেতনাৰ এক সামাজিক দলিল)


ড° অভিজিত পায়েং


  ডি পি প্ৰদাকচনৰ বেনাৰত অলপতে মুক্তি পোৱা মিচিং বোলছবি বেদাং-ৰ প্ৰথম দর্শনী শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র, গুৱাহাটীস্থিতিত মাধৱদেৱ অন্তৰৰাষ্ট্ৰীয় প্রেক্ষাগৃহত সফলতাৰে অনুষ্ঠিত হৈ যায়। ভাতৃ-স্নেহ, সন্তানৰ প্রতি অকৃত্রিম ভাল-পোৱাৰ বাবে জীৱনত ভাতৃ আৰু পিতৃ-মাতৃয়ে কৰা ত্যাগৰ এক অলিখিত দলিল ৰূপে আখ্যায়িত কৰিব পৰা এখন বোলছবি বৗদাং। সন্তানৰ ইচ্ছা পুৰণ কৰিবলৈ সকলো পিতৃ-মাতৃয়ে বিচাৰে। দৰকাৰ হ’লে সমাজৰ মান-সন্মানকো জ্বলানজ্বলি দিবলৈ দ্বিধাবোধ নকৰে পিতৃ-মাতৃয়ে। এই কথা গাঁৱৰ সম্ভ্রান্ত ব্যক্তি বিক্ৰম দলেৰ সহ-ধর্মিনীৰ নাম ভূমিকাত দিপ্তী কুম্বাং মেদকৰ চৰিত্ৰৰ দ্বাৰা অনুধাৱন কৰিব পৰা হৈছে। ভাতৃ-স্নেহ, ভাতৃৰ প্ৰতি থকা ককায়েকৰ দ্বায়বদ্ধতাৰ এক সুন্দৰ নিদৰ্শন দ্বীপৰ ককায়েকৰ নাম ভূমিকাত ফীৰোজ পেণ্ডৰ অভিনয়ৰে উপলব্ধি কৰিব পৰা হৈছে। পিতৃ-মাতৃহাৰা হোৱাৰ বিষাদৰ ভাৱ যাতে ভায়েক দ্বীপৰ মনলৈ নাহে তাৰ বাবে যত্নৰ ত্রুটি কৰা নাই। ভাল মানুহ কৰাৰ সংকল্প লৈছে। দ্বীপে বিদ্যালয়ৰ দেওনা পাৰ কৰি মহাবিদ্যালয়ৰ শিক্ষা আহৰণ কৰি থাকোতেই ককায়েকৰ অজ্ঞাতে গাঁৱৰে সম্ভ্রান্ত পৰিয়ালৰ জীয়ৰী সুমন দলেক ভাল পায় বিয়া পতাৰ প্ৰস্তাৱ দিয়ে। কিন্তু সুমনৰ দেউতাক বিক্ৰম দলেৰ ধন-সম্পত্তিৰ অহংকাৰী স্বভাৱে সিহঁতৰ প্ৰেমত হেঙাৰ হৈ থিয় দিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ গৈ তাতো মন নবহাত এদিন ককায়েক-বৌৱেকক নজনোৱাকৈ ঘৰলৈ গুচি আহে আৰু বন্ধু দীপকৰ সহযোগত সুমনক পলোৱাই নিয়ে। যদিও সুমনৰ দেউতাকৰ মানুহে বিচাৰি পায় সুমনক উভটাই লৈ যায়। অপ্রাপ্তিৰ বেদনাত তাহানিৰ কথাবোৰ পাহৰাৰ প্ৰয়াস কৰি ককায়েকৰ একান্ত বাধ্য দ্বীপে নিচা সেৱন কৰিবলৈ ধৰে। ফলস্বৰূপে জীৱনৰ গতিয়ে সলনি হোৱাৰ প্ৰৱলতা অধিক হৈ উঠে, ইয়াৰ সুন্দৰ চিত্রায়ণ কৰা হৈছে। অন্যহাতে ককায়েক আৰু বৌৱেকৰ বুজনিত দ্বীপে নিজকে সংযত কৰি ধ্বংসময় জীৱন সজীৱিত কৰাৰ এটি ইতিবাচক বার্তাও ছবিখনিত অনুভৱ কৰিব পৰা হৈছে। প্রথম অৱস্থাত সম্ভ্রান্ত ঘৰৰ জীয়ৰী দ্বীপৰ বৌৱেকে পতিৰ অত্যধিক ভাতৃ-স্নেহক অন্তৰেৰে মানি ল'ব পৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত পতিৰ দ্বায়িত্ববোধৰ মানসিকতাক বুজি উঠি নিজকে সুখী কৰি তোলে। সৰ্বসাধাৰণতে সম্ভ্রান্ত জীয়ৰীৰ চৰিত্ৰ অনমনীয় তথা প্রতিশোধ পৰায়ণৰ ৰূপত উপস্থাপন কৰা দেখা যায়। ইয়াৰ বিপৰীতে ছবিখনিত সম্ভৱত সমাজত এনে চৰিত্ৰৰ মানসিক পৰিবৰ্তনৰ প্ৰয়োজনীয়তা দাবী কৰিয়ে চিত্ৰ নাট্যকাৰে এনে কৰা যেন অনুভৱ হৈছে। ককায়েক আৰু বৌৱেকৰ নাম ভূমিকাত ফীৰোজ পেগু আৰু সুমন দলেৰ অভিনয়ে দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে।


   সমাজত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰাচীৰ ভাঙি সমিল-মিলেৰে সমাজ গঢ়াৰ বাৰ্তা দ্বীপৰ বৌৱেকৰ মাকৰ সংলাপৰ মাধ্যমেদি প্রতিফলিত হৈছে। এই দৰে সন্তানৰ প্ৰতি থকা স্নেহে কেনেকৈ পিতৃ-মাতৃক আত্ম-গৌৰৱ, মান-অভিমানকো পৰিত্যাগ কৰিবলৈ কোষ্ঠাবোধ নকৰাই তাৰ অনুভূতি সুমনৰ দেউতাকৰ সংলাপেৰে অনুধাৱন কৰিব পৰা হৈছে। মুখ্য নায়ক-নায়িকাৰ ভূমিকাত নবদ্বীপ কুটুম আৰু প্রনীতা কাৰ্ডৰ বলিষ্ঠ অভিনয়ে ছবিখনি প্রাণৱন্ত কৰি তুলিছে। তাত দ্বি-মত থকাৰ কোনো অৱকাশ নাই।


   সহযোগী অভিনেতা-অভিনেত্ৰীৰ নাম ভূমিকাত অভিসাগৰ কামান, অশ্বিনী দলে, নোমল দলে, সদানন্দ পেগু, ঝনু পী দলে, বীৰাজ পেগু, সামলে টায়ে, অজয় কুমাৰ পাতিৰ, কমল কামান, লক্ষেশ্বৰ টায়ুং, গীতাঞ্জলী পাতিৰ আৰু এলবার্ড আদিৰ অভিনয়ে ছবিখনি উপভোগ্য কৰি তুলিছে। শিশু-শিল্পী ভূটি কাংকনৰ অভিনয় মন পৰকা হৈছে।


   পৰিচালক ফীৰুজ পেগুৰ সুক্ষ্ম দৃষ্টিৰ পৰিচয় নিৰ্দেশনাৰ যোগেদি প্রতিফলিত হৈছে। আগাম কুটুম, ভাস্কৰজ্যোতি দলেৰ চিত্ৰগ্ৰহণ আৰু কাৰিকৰী কলা নির্দেশনা শলাগিবলগীয়া। বিকাশ বৰুৱাৰ সংগীত, লেখন কুম্বাং, নিশা অমী, ডি. শংকৰ গাম, পল্লৱী পেগু, মীনা পাতিৰৰ আৱহ সংগীতে ছবিখনিৰ পৰিৱেশ জীপাল কৰি তুলিছে। জুলিউচ কুম্বাঙৰ সম্পাদনা আৰু অলংকৰণে ছবিৰ নান্দনিকতা প্রদানত সফল হ’ব পাৰিছে। আনন্দ গোলাপ আৰু শংকৰ মাধৱৰ গীত আৰু সুৰ, অপেৰা মিউজিক (ধেমাজি)-ৰ শব্দ সংযোজন প্রশংসনীয় হৈছে। মিচিং সমাজ-সংস্কৃতিৰ প্ৰতিছবি দাঙি ধৰাৰ যথেষ্ঠ থল আছিল যদিও চিত্রায়ণ কম কৰা অনুভূত হ’ল। দিপ্তী কুম্বাং মেদক আৰু ফীৰোজ পেগুৰ প্ৰযোজনাৰে ডি পী প্ৰডাকচনৰ প্ৰথম নিবেদন বীদাং-ৰ যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিছো।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages