সমুদ্ৰৰ বুকুত হেৰাল অসমৰ হাৰ্টথ্ৰ’ব
বেনজিন চুলতানা
বাইহাটা চাৰিআলি, কামৰূপ
“আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন”
সঁচাকৈয়ে সাগৰ তলিত শুই পৰিল অসমীয়াৰ হাৰ্টথ্ৰ’ব জুবিন দা। এক বুজাব নোৱাৰা, অসহনীয়, শব্দৰে প্ৰকাশ কৰিব নোৱাৰা শোক। এইয়া অসমীয়া সংগীত তথা সাংস্কৃতিক জগতৰ এক অপুৰণীয় ক্ষতি। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, কবি, আবৃত্তিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। ১৯৯২ চনত তেখেতেৰ প্ৰথমটি এলবাম “অনামিকা”ই মুক্তি লাভ কৰিছিল। ৪০ টাতকৈয়ো অধিক ভাষাত গীত পৰিৱেশন কৰা জুবিন গাৰ্গে ৩৮ হাজাৰতকৈ অধিক গীতত কণ্ঠদান কৰিছে। তেখেতৰ প্ৰতিটো গীতে মানুহৰ হৃদয় চুই যায়। সকলো শ্ৰেণীৰ, সকলো বয়সৰ লোকৰ সুখ-দুখৰ লগৰী জুবিন দাৰ গীত। জুবিন দাৰ গীতত প্ৰতিফলিত হয় সুখ-দুখ, হাঁহি-কান্দোন, জাতীয় প্ৰেম, দেশ প্ৰেম, পিতৃ-মাতৃ-ভাতৃ-ভগ্নী প্ৰেম, শৈশৱ, যৌৱন, হেজাৰ স্মৃতি, বাস্তৱ জীৱন, অনুপ্ৰেৰণা আৰু কত যে অনুভূতি। শৈশৱৰ পৰা বৰ্তমানলৈ জুবিন দাৰ গীতেৰে জীপাল হৈ আছে আমাৰ জীৱন। জুবিন দা অবিহনে যেন আমাৰ শৈশৱে আধৰুৱা। “জুবিন” কেৱল এটি নাম নহয়, জুবিন দা অসমীয়াৰ আবেগ, এক সত্ত্বা। তেজৰ সম্পৰ্ক অবিহনে জুবিন দা যেন হৃদয়ৰ সম্পৰ্কৰে প্ৰতিজন অসমীয়া পৰিয়ালৰ সদস্য। পৰিয়ালৰ কোনো সদস্য হেৰুৱালে মানুহে যেনেকৈ শোকত মৰ্মাহত হৈ পৰে, ঠিক সেইদৰে জুবিন দাৰ অকাল বিয়োগত আজি উচুপি উঠিছে প্ৰতিজন অসমীয়াই। প্ৰতিজন অসমীয়াৰ দেহৰ সিৰে সিৰে বই জুবিন দাৰ গীত। অসমে যেন হেৰুৱালে কলিজাৰ স্পন্দন। সমগ্ৰ অসমেই তেওঁৰ অনুৰাগী। তেওঁৰ মৃত্যুত যেন কপি উঠিছে আজি সংগীতৰ সুৰ। বাদ্যযন্ত্ৰবোৰ যেন নিঃশব্দ হৈ পৰিছে। গীতে হেৰুৱাইছে যেন শব্দ। তেওঁ গাই যোৱা কিছুমান গীতৰ শাৰীবোৰ যেন তেওঁৰ মৃত্যুৰ সৈতে একাকাৰ হৈ পৰিছে – “আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুৱৰে মন”, “মৃত্যু এতিয়া সহজ”, “মই যিদিনা মৰিম ঐ” “মই ভাগৰা নাই, জীৱন হেৰুওৱা নাই”, দেহৰ ভৰসা নাই শুনিছানে নাই “হঠাতে হেৰাল কেনি মোৰ চোতালৰে জোনাক” ইত্যাদি। অসমৰ চুকে-কোণে জনাইছে জুবিন দাক অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি। তেওঁ কৈ যোৱা কথাষাৰ আখৰে আখৰে পালন কৰিছে প্ৰতিজন অসমীয়াই - “মই যিদিনা মৰিম গোটেই অসমতে এইটো গান বাজিব, এই গানটো মোৰ Fantacy হয়, ধুমুহা সৈতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন। “আজি সমগ্ৰ অসমৰ মানুহে শোকত ম্ৰিয়মান হৈ গাইছে “মায়াবিনী ৰাতিৰ বুকুত।” আকাশে বতাহে ধ্বনিত হৈছে জুবিন দাৰ সুৰৰ ঝংকাৰ। চৌপাশে কেৱল জুবিন দা, জয় জুবিন দা। নিজৰ প্ৰাণ দি হ’লেও আজি জুবিন দাক উভতাই আনিবলৈ সাজু প্ৰতিজন অসমীয়াই। তেওঁ গাই যোৱাৰ দৰে হঠাতে হেৰাই গ'ল অসমীয়াৰ চোতালৰ জোনাক। এন্ধাৰ হৈ গ’ল আজি তেওঁৰ বিয়োগত অসমীয়াৰ হৃদয়, অসমীয়াৰ চোতাল, অসমীয়া সংগীত, সাংস্কৃতিক জগত। নিজ পুত্ৰক হেৰুৱাই অসমী আইৰ বুকু আজি উদং হৈ পৰিল। প্ৰকৃতি প্ৰেমিক জনৰ বিয়োগত কান্দি উঠিছে প্ৰকৃতিয়ে। শোকত ম্ৰিয়মান হৈ পৰিছে অসমীয়া জাতি, পংগু হৈ পৰিল অসমীয়া জাতি। প্ৰতিজন অসমীয়াৰ মনত খুন্দা মাৰিছে একেষাৰ কথাই - “ব্ৰহ্মপুত্ৰই হ’লে উভতাই পঠিয়ালেহেতেন, বিদেশৰ সাগৰে বুজি নাপালে তেওঁৰ গভীৰতা।” সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ বুকুত ওমলি জামলি সংগীতৰ যাদুৰে সকলোৰে হৃদয় জয় কৰা জুবিন দাক ব্ৰহ্মপুত্ৰই ভালদৰে চিনি পায়। ব্ৰহ্মপুত্ৰই কেতিয়াও কাঢ়ি নল'লেহেতেন তেওঁৰ প্ৰাণ। অসমৰ পৰা সুদূৰত বিদেশী সাগৰৰ বুকুত অসমৰ হৃদপিণ্ড জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰে। সাগৰ, পানী, বায়ু, মাটি আৰু প্ৰকৃতিক ভাল পোৱা জুবিন দাই মুক্ত আকাশৰ তলত, সাগৰৰ বুকুত, মৃত্যুৰ ধুমুহাৰ ওচৰত বহুবাৰ যুঁজি শেষত হাৰ মানিলে। শেষ নিশ্বাসত হয়তো তেওঁৰ বুকুত খুন্দিয়াইছিল মাতৃভূমিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু মৰমে। নিজৰ মানুহখিনিক ওচৰত পাবলৈ তেওঁৰ হৃদয়ে যে ব্যাকুল হৈ পৰিছিল। সাগৰৰ লুণীয়া পানীৰ মাজত জুবিন দাই হয়তো খেপিয়াই ফুৰিছিল আধৰুৱা সপোনবোৰ। যি মূহূৰ্তত হয়তো আমি অসমীয়াই ব্যস্ত হৈ আছিলো দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাত, বিদ্যালয়ৰ, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা অথবা গ্ৰন্থাগাৰত, কোনো সাংস্কৃতিক অনুষ্ঠানত, কোনো পাৰ্টি, বিচনা, অফিচৰ ফাইলৰ মাজত অথবা জুবিন দাৰ গীতত মাতাল হৈ; সেই মূহূৰ্তত অসমৰ হৃদপিণ্ড জুবিন গাৰ্গে অসমৰ পৰা সুদূৰত বিদেশী সাগৰৰ বক্ষত অসমী আইক শেষ প্ৰণাম জনাই, অসমীয়া জাতিক স্মৰণ কৰি মৃত্যুৰ কোলাত চটফটাই আছিল। উশাহ ল’বলৈ যুঁজিছিল; কিন্তু সাগৰৰ লুণীয়া পানীয়ে নিচিনিলে জুবিন দাৰ মানৱ দৰদী হৃদয়খন। প্ৰৱেশ কৰিলে হৃদযন্ত্ৰত আৰু গম নোপোৱাকৈ কাঢ়ি লৈ গ’ল আমাৰ বুকুৰ মাজৰ পৰা। তেওঁ হিৰ’ আছিল আৰু জীৱনৰ অন্তিম নিশ্বাস ত্যাগ কৰিলে হিৰ’ৰ দৰে। “মৃত্যু এতিয়া সহজ” বুলি প্ৰমাণ কৰি আকাশৰ চাদৰ মেৰিয়াই লৈ সাগৰ তলিত চিৰদিনৰ বাবে শুই পৰিল। কোনোদিনে উভতি নহা বাটেৰে জুবিন দা গ’ল জঙ্কি বাৰ দেশলৈ। কেৱল অসমীয়াৰে নহয় জুবিন দা ভগৱানৰো অতিকৈ প্ৰিয়, অতি আপোন। সেয়েহে হয়তো ইমান সোনকালে মাত্ৰ ৫২ বছৰ বয়সতে আমাৰ মাজৰ পৰা আজুৰি তেওঁৰ কাষলৈ লৈ গ’ল। পৰি থাকিল তেওঁৰ নশ্বৰ দেহ অসমৰ পৰা সুদূৰত বিদেশৰ এখন অচিনাকী হাস্পতালৰ কোনোবা অচিনাকী বিচনাত এটি সাধাৰণ মৃতদেহৰ দৰে। এই কথাই প্ৰতিজন অসমীয়াৰ বুকুত বিষাক্ত কাঁড়ৰ দৰে আঘাত কৰিছে। কিয়নো জুবিন দাৰ মৃতদেহ অসমৰ বাবে ঈশ্বৰৰ প্ৰতিমা সম; যি মৃতদেহ অলংকৃত হ’ব তেওঁৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু অনুৰাগেৰে বৈ অহা চকুপানীৰে। তেওঁৰ মৃতদেহেও যেন ব্যাকুল হৈ পৰিছে আপোন মানুহসকলৰ সান্নিধ্য বিচাৰি । কেতিয়ানো আহি পাব চিংগাপুৰৰ পৰা মাতৃভূমিলৈ। মৃত্যু অনিবাৰ্য; চৰণে জানে মৰণৰ ঠাই। তথাপি অসমবাসী ৰাইজে আজি নিজকে ধিয়াইছে অসমত থাকিলে জুবিন দাক আমি মৰিব নিদিলোহেতেন। ভগৱানক কাকূতি মিনতি কৰি হ’লেও ঘূৰাই আনিলোহেতেন অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাক। যোৰহাটত তেখেতৰ মাতৃয়ে ৰোপণ কৰা পাইন গছজোপাক তেওঁ প্ৰায়ে সাৱটি ধৰিছিল। তেওঁৰ মৃত্যু হ'লে গছজোপাৰ কি হ’ব বুলি তেওঁ শংকিত হৈ পৰিছিল। গছজোপাৰ লগত আছিল তেখেতৰ আত্মাৰ সম্পৰ্ক। গছজোপাই হয়তো বুজিছিল আগতীয়াকৈ সকলো। জুবিন দাক বিদায় দিয়াৰ সাহস হয়তো গছজোপাৰ নাছিল। সেয়েহে জুবিন দাৰ পূৰ্বে গছজোপাই বিদায় লৈছিল।
কেৱল শিল্পী হিচাপে নহয়, তেওঁৰ মানৱ দৰদী, মৰমীয়াল, কোমল, পৰোপকাৰী অন্তৰ খনে তেজৰ সম্পৰ্ক অবিহনে প্ৰতিটো অসমীয়া পৰিয়ালৰে সদস্যৰূপে স্হান গ্ৰহণ কৰিছে। “মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই” বুলি নিজকে পৰিচয় দিয়া জুবিন দা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া পৰিয়ালৰে সদস্য। তেখেত আছিল মাটিৰ মানুহ। তেখেতৰ নাছিল কোনো ধৰণৰ বিলাসিতা, টকা পইচাৰ প্ৰতি লোভ। অসমৰ মানুহৰ বিপদে-আপদে জুবিন দাই বঢ়াইছিল সহায়ৰ হাত। টকা-পইচা, অনুপ্ৰেৰণা, সমবেদনাৰে বিভিন্ন ধৰণে অসমবাসী ৰাইজক সহায় কৰা জুবিন দাই প্ৰতিজন অসমৰ সন্তানকে নিজৰ সন্তান ৰূপ গণ্য কৰিছিল। অদম্য সাহসী, স্পষ্টবাদী, অপশক্তি বিৰোধী প্ৰতিবাদী কণ্ঠ আৰু সদায় সত্যৰ হকে মাত মাতা জুবিন দাই অসমীয়া জাতি, ভাষাৰ সংকটত প্ৰতিদিনে থিয় দিছিল। অসমীয়া গীত তথা সাংস্কৃতিক জগতখনত এক নতুন যুগৰ সূচনা কৰিছিল। গীতক নিস্বাৰ্থভাৱে অন্তৰৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা কৰা, ভাল পোৱা জুবিন দাই সংগীত জগততে অৰ্পণ কৰিছিল নিজৰ সমস্ত জীৱন। ২০১৮ চনত কবিতা লিখিছিল তেওঁ -
“মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ
সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ
মাথোঁ মোৰ ৰং সলনি হ’ব
পানীৰ সোৱাদ সলনি হ’ব।”
সঁচাকৈয়ে এতিয়া যে সকলো সলনি হ’ল। অসমীয়া সংগীত জগতে হেৰুৱালে নিজৰ অভিভাৱকক, নিজ প্ৰতিনিধিয়ক। অসমীয়া জাতিয়ে হেৰুৱালে নিজৰ অমূল্য সম্পদ। হ’ল এক অপূৰণীয় ক্ষতি। কিয়নো তেওঁ অদ্বিতীয়। অতি দুখৰ বিষয় যে শিশুসুলভ, নিকা স্বভাৱৰ জুবিন দাই শেষ বাৰৰ বাবে সাগৰত জাপ মাৰোতে লগত নাছিল কোনো প্ৰতিৰক্ষা বাহিনী, চিকিৎসা বাহিনী। জীৱনৰ অন্তিম সময়চোৱাত বিদেশত অসমীয়াৰ হিয়াৰ আমঠু বলি হ’ল কিছু সংখ্যক লোকৰ হেমাহিৰ। প্ৰশ্ন হয় অসমৰ সম্পদৰ সুৰক্ষা ইমান শিথিলনে? কোনো মন্ত্ৰী অথবা চৰকাৰী আমোলাক দিয়া সুৰক্ষা বাহিনীৰ দৰে ইতিহাস ৰচোতা জুবিন দাক বিদেশত কিয় দিয়া নহ’ল কোনো সুৰক্ষা, চিকিৎসা বাহিনী; বিশেষকৈ এনেকুৱা অসুস্থ অৱস্থাত ? চিকিৎসা বাহিনীৰ অবিহনে কেনেকৈ তেওঁক লৈ যাবলৈ পাৰিলে বিদেশলৈ? সাগৰৰ বুকুত কেনেকৈ জাপ মাৰিবলৈ দিবলৈ পাৰিলে এই অসুস্থ মানুহজনক? অসুস্থ মানুহজনক লৈ গ’ল ঠিকেই কিন্তু আমাক ঘূৰাই দিব নোৱাৰিলে। কাৰোবাৰ হেমাহিৰ বাবে গভীৰ সমুদ্ৰত বুৰ গ'ল সংগীতৰ পৃথিৱী, অসমীয়াৰ কলিজা, অসমৰ সম্পদ। কিয়নো, ছিংগাপুৰ যোৱাৰ দুদিন পূৰ্বে জুবিন দাই কৈছিল – “মোৰ ছিংগাপুৰলৈ যাবৰ মন নাই, চিনেমাৰ কাম আছে, ডাবিং আছে। কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে খুব কামুৰি আছে। চাওঁ যাওঁ নে নাযাও।” - এইয়া সঁচাকৈয়ে হৃদয় বিদাৰক। সমগ্ৰ অসমে কান্দিছে আজি। ভাৰততো পৰিছে শোকৰ ছাঁ। জুবিন দা যে এতিয়া কেতিয়াও ঘূৰি নাহে এই কথা যেন অবিশ্বাস্য। অসমৰ ৰাজপথেও কান্দিছে আজি। এইয়া অপূৰণীয় ক্ষতি। তদন্ত চলিলেও আমি ঘূৰাই নাপাম আমাৰ জুবিন দাক। তেওঁ অদ্বিতীয়; তেওঁৰ দৰে দ্বিতীয় জন নোলাব। অসমৰ চৌদিশে আকাশে বতাহে মুখৰিত হৈ আছে জুবিন দাৰ গীতৰে আৰু মুখৰিত হৈ থাকিব। ভৱিষ্যতে জুবিন দাৰ গীত বাজিলেই উচুপি উঠিম আমি অসমীয়াই। জুবিন দাৰ গীতত কান্দি উঠিব প্ৰতিজন অসমীয়াই। কিয়নো জুবিন অসমীয়াৰ আবেগ। প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে জুবিন।
এই পূণ্য আত্মাই ছিংগাপুৰত জীৱনৰ অন্তিমটো গীত গাইছিল -
“Would you know my name,
If I saw you in heaven.
Would you it be the same,
If I saw you in heaven.” অৰ্থাৎ “মই যদি তোমাক স্বৰ্গত দেখো, তুমি মোৰ নামটো ক’ব পাৰিবানে? মই যদি তোমাক স্বৰ্গত দেখো, সকলো একে থাকিবনে?” গীতটোৰ শেষৰ ফালে আছিল -
“Beyond the door there is peace I am sure,
And I know there will be no tears in heaven.”
অৰ্থাৎ,
“দুৱাৰৰ সিপাৰে শান্তি আছে মই নিশ্চিত,
আৰু মই জানো স্বৰ্গত কোনো চকুলো নাথাকে।”
সংগীতৰ সাধকজনে সংগীতৰ মাধ্যমেৰে যেন তেওঁৰ স্বৰ্গযাত্ৰাৰ ইংগিতহে দিছিল। সুৰ সম্ৰাট জুবিন দাই পাখি মেলি সমগ্ৰ অসমবাসীক কন্দুৱাই স্বৰ্গলৈ গ’লগৈ। আমাক দি গ’ল সংগীতৰ ভাণ্ডাৰ, কৃষ্টি সংস্কৃতি। ইতিহাস ৰচোতা জুবিন গাৰ্গ আজি আমাৰ মাজত ইতিহাস ৰৈ ৰ’ল। জুবিন দাৰ যে মৃত্যু হ’ব পাৰে এইয়া যেন আমাৰ অকল্পনীয়, অবাঞ্চিনীয়। মনে যেন নিজকে প্ৰশ্ন কৰে "জুবিন দা জানো মৰিব পাৰে ?” বিশাল হৃদয়ৰ অধিকাৰী জুবিন দাৰ ব্যক্তিত্বই তেওঁক অইনকৈ পৃথক ৰূপত প্ৰতিষ্ঠিত কৰে। মানুহক ভাল পোৱা, সাধাৰণভাৱে থাকি ভালপোৱা জুবিন দাৰ মুক্ত কণ্ঠশ্বৰে অসমীয়াৰ হৃদয়ত নিগাজীকৈ থিতাপি লৈছে। ডাৱৰৰ মাজতো অনুৰাগীয়ে দেখিছে জুবিন দাক। জুবিন দাই যেন ডাৱৰৰ আৰৰ পৰা চাই আছে প্ৰতিজন অসমীয়ালৈ, নিজৰ মাতৃভূমিলৈ। তেওঁৰ বিয়োগত আপোন মানুহবোৰে কন্দা দেখি তেওঁৰো অন্তৰে হাহাকাৰ কৰি উঠিছে।যদি পুনৰ জনম সঁচা তেন্তে জুবিন দাই পুনৰ জনম লওক এই অসম মাতৃৰ বুকুতে। সকলো অসমীয়াই অপেক্ষা কৰিব তেওঁৰ পুনৰ জনমলৈ। জুবিন দা চিৰদিনলৈ অমৰ ৰৈ ৰ'ব অসমবাসীৰ বাবে। কিয়নো কিংবদন্তিৰ কেতিয়াও মৃত্যু নহয়। তেখেতৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰি ৰখাটো আৰু ভৱিষ্যত প্ৰজন্মক জুবিন ছাৰ লগত চিনাকি কৰি দিয়াটো আমাৰ প্ৰতিজন অসমীয়াৰে কৰ্তব্য।
No comments:
Post a Comment