মই যদি তোমাক স্বৰ্গত দেখো, তুমি মোৰ নামটো ক’ব পাৰিবানে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

মই যদি তোমাক স্বৰ্গত দেখো, তুমি মোৰ নামটো ক’ব পাৰিবানে

 মই যদি তোমাক স্বৰ্গত দেখো, তুমি মোৰ  নামটো ক’ব পাৰিবানে ?


নৱজ্যোতি বৰা


সমীয়া সংগীত জগত খনত তিনিটা দশকৰো অধিক সময় জুবিন গাৰ্গে নিজৰ সংগীতেৰে মোহচ্ছন্ন কৰি ৰাখিছিল সকলোকে। তেওঁৰ কণ্ঠৰে সকলো শ্ৰেণীৰ লোকৰ হ্নদয় আৰু আত্মাক স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল। জুবিন গাৰ্গে অসমীয়া সংগীতৰ লগতে ইংৰাজী, বাংলা, হিন্দী, বড়ো, মিচিং, গোৱালপৰীয়া, কাৰ্বিং,  নেপালী, গাৰো, ৰাভা, মণিপুৰী, কামতাপুৰী, ডিমাচা, ভোজপুৰী, ৰিষ্ণুপ্ৰিয়া, উড়িয়া, তামিল, তেলুগু, কানাড়া, মাৰাঠা, মালয়ালম আদি কৰি মুঠ ৪০ টা ভাষাত ৩৮ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰি সংগীত জগতত যাউতিযুগীয়া কৰি থৈ গৈছে।

     জুবিন গাৰ্গৰ জন্ম হৈছিল ১৮৭২ চনৰ ১৮ নৱেম্বৰত  মেঘালয়ৰ তুৰাত। জুবিনৰ পিতৃৰ নাম আছিল– মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিৰ– ইলি বৰঠাকুৰ। জুবিনে প্ৰথমে নামৰ পাছত বৰঠাকুৰেই লিখিছিল কিন্তু পিছলৈ জুবিনে তেওঁৰ গোএটোকে নামৰ উপাধি হিচাপে ব্যৱহাৰ কৰি নামৰ পাছত গাৰ্গ লিখিবলৈ ধৰিলে আৰু সময়ৰ লগে লগে জুবিন গাৰ্গ হিচাবে সমগ্ৰ পৃথিৱীতে পৰিচিত হৈ পৰে। জুবিন অকল খ্যাতিসম্পন্ন কণ্ঠশিল্পীয়েই নহয়, তেওঁ একেধাৰে সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিএ পৰিচালকৰ লগতে এক সুদক্ষ অভিনেতাও আছিল। জুবিনৰ প্ৰকৃত ঘৰ আছিল শিৱসাগৰ জিলাৰ জাঁজীত। পিতৃ কৰ্মসূএে ছাব ডেপুটী কালেক্টৰ হোৱাৰ বাবে তেওঁ সঘনাই ইঠাই-সিঠাইলৈ বদলি হ’বলগীয়া হৈছিল। সেই সুবিধাতে সৰুৰে পৰাই জুবিন পিতৃ-মাতৃৰ সৈতে বিভিন্ন প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছিল লগতে ভিন্ন ঠাইৰ ভাষা সংকৃতিৰ সমলৰ অভিজ্ঞতাৰে ভৰি পৰিছিল তেওঁৰ গানৰ সমলবোৰ।

     জুবিনে সৰু অৱস্থাৰ পৰাই ঘৰখনতে সংগীতৰ আাদিপাঠৰ লগতে লিখা-মেলাৰ কৰাৰ সুবিধাকণ পাইছিল। জুবিনৰ পিতৃয়ে কপিল বৰঠাকুৰ ছদ্মনামেৰে বহু কবিতা (তাহানি মায়া আলোচনীত প্ৰায়ে তেখেত কবিতা পঢ়িবলৈ পাইছিলো) গীত আৰু গল্প লিখিছিল। যিবোৰ বিভিন্ন কাকত আলোচনীত প্ৰায়ে প্ৰকাশ হৈছিল। সেই দৰে জুবিনৰ মাতৃ ইলি বৰঠাকুৰ (প্ৰয়াত) এগৰাকী দক্ষ নৃত্যশিল্পী, সু-গায়িকা তথা এগৰাকি অভিনেএী আছিল। জুবিনে সৰুৰে পৰা পঢ়া-শুনাতকৈ গানৰ প্ৰতি আকৰ্ষণ বেছি আছিল। জুবিন যেতিয়া পানীকেঁচুৱা আছিল তেতিয়াই  মোহিনী মোহন বৰঠাকুৰে ৮০ টকা দি সেইসময়তে ফিলিপছ কোম্পানীৰ বাহাদুৰ ৰেডিঅ’ এটা ঘৰলৈ আনিছিল। সেই সময়তে অনাতাঁৰ কেন্দ্ৰ তুৰা পৰা প্ৰচাৰিত হোৱা গীতৰ অনুষ্ঠান ‘বীণা কা গীত মালা’ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা গীতৰ অনুষ্ঠান ‘গীতিমালিকা’ গীত বোৰ শুনি শুনি জুবিনৰ সৰু কালটো পৰিপুষ্ট হয়। জুবিনৰ বয়স যেতিয়া পাঁচ বছৰ হৈছিল তেতিয়া দেউতাকে জুবিনক সৰু কী-ব’ৰ্ড এখন কিনি দিছিল। সেই সময়ত জুবিনহত তামুলপুৰত আছিল। জুবিনে সৰুতেই তবলা শিকে ৰবীন বেনাজীৰ ওচৰত কৰিমগঞ্জত (বৰ্তমান সময়ত নাম শ্ৰীভূমি)। হাৰমনিয়াম শিকিছিল গুৰু ৰমণী ৰয়ৰ ওচৰত বিজনীত। হাৰমনিয়াম শিকি থাকোতেই গুৰু ৰমণী ৰয়ৰ পৰাই জুবিনে গোৱালপৰীয়া, কামৰূপীয়া লোকগীতৰ আদি পাঠ গ্ৰহণ কৰে। ইয়াৰ পাছত যোৰহাটত থাকোতেই জুবিনে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ নিজৰ একাগ্ৰতা আৰু নিষ্ঠাৰ বলতেই কী-ব’ৰ্ড, কংগো, নাল, ঢুলকী, গীতাৰ, ড্ৰাম  নিখুঁতভাবে বজাব পাৰিছিল।

     জুবিনৰ লগতে জুবিন ভগ্নী দুগৰাকী– জংকী বৰঠাকুৰ আৰু পামী বৰঠাকুৰেও সংগীত তথা অভিনয় শিকিছিল। সেয়ে জুবিনে সংগীতৰ প্ৰথম গুৰু বুলি মাক'কে বিবেচনা কৰি আহিছে। জুবিনৰ প্ৰথম গীত ১৯৯০-৯১ চনমানত যোৰহাটত অনাতাঁৰ কেন্দ্ৰত বাণীবদ্ধ হয়। ইয়াৰ পাছৰ বছৰ ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত একক পাশ্চাত্য সংগীত পৰিবেশন কৰি স্বৰ্ণপদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু সেই সময় কণ জুবিনৰ বাবে টাৰ্নিং পইন্ট আছিল। সেই বছৰেই ১৯৯২ চনত জুবিনৰ প্ৰথম এলবাম এন, কে, বেনাৰত মুক্তি পোৱা ‘অনামিকা’ৰ দ্বাৰাই জুবিন পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। জুবিনৰ এই অনামিকাই একৈশ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটৰো নতুন সংজ্ঞা দাঙি ধৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে জুবিনৰ অসমীয়া গীতৰ এলবাম বোৰ – অনুৰাধা (১৯৯২) মায়া (১৯৯৪) আশা (১৯৯৫) জুবিনৰ গান (১৯৯৬) ৰং (১৯৯৬)  মুক্তি (১৯৯৭) জানমনি (বিহুগীত ১৯৯৮) শব্দ (১৯৯৮) স্নিগ্ধ জোনাক (১৯৯৮) মেঘৰ বৰণ (১৯৯৯) পাখি (১৯৯৯) ৰংঢালী (বিহুগীত ১৯৯৯) সপোন (১৯৯৯) হিয়া মন (২০০১) ২০০২ চনৰ ১২ জানুৱাৰীত শোণিতপুৰ জিলাৰ বালিপৰাত সংঘটিত এক  পথ দুৰ্ঘটনাত জুবিনৰ মৰমৰ ভগ্নী তথা জুবিনৰ গীতৰ অনুষ্ঠানুষ্ঠানৰ সংগী জংকীৰ মৃত্য হয়। জংকীৰ স্মৃতি জুগমিয়া কৰি ৰাখিবলৈ জুবিনে জংকীৰ স্মৃতিত ‘শিশু’ (২০০২) এলবামটো মুক্তি দিয়ে। তাৰ পাছত বান্ধৈ (২০০২) আকৌ হিয়া মন (২০০২) চিনাকি মন (২০০৩) পকা ধানে ৰিঙিয়াই (২০০৩) লাজুকী মন (২০০৪) যন্ত্ৰ (২০০৪) ডেউকা (২০০৫) চিনাকি সুৰ (২০০৫) আছেনে কোনোবা হিয়াত (২০০৬) মুখা (২০০৬) সন্ধ্যা (২০০৬) বৰষুণ (২০০৬) উন্মনা মন (২০০৬) ৰিঙা-ৰিঙা মন (২০০৬) দিলৰুৱা (২০০৭) উৰণীয়া মান (২০০৭) জোনাকী মন (২০০৮) ৰুমাল (২০০৮) মোৰ প্ৰিয় গীত (২০০৮) অভিমানী মন (২০০৯) মোৰ গানত জ্বলে (২০০৯) অবুজ মন (২০১০) গান (২০১১) সোণালী মন (২০১১) ৰুণজুন (২০১২) ৰক (২০১২) বাঁহী (২০১৩) পথ (২০১৪) কিং (২০১৫) ইয়াৰ উপৰিও ৰংমন, মনে মনে, নিৰিবিলি গধূলি, আলসুৱা মন, চিনাকি সুৰ, ভৰ দুপৰীয়া, হিৰো, সপোনৰ সুৰ, কোন তুমি, সন্ধ্যাতৰা খণ্ড-১, সন্ধ্যাতৰা খণ্ড -২, পাৰিজাত, মা, চিলা (২০২০)। ইয়াৰ লগত জুবিন গাৰ্গে হিন্দী আৰু বঙালী এলবামবোৰ হ'ল-- চান্দিনী ৰাত (১৯৯৫) চন্দা (১৯৯৬) য়ুহি কভী (১৯৯৮) স্পৰ্শ (২০০০-০১) শ্ৰদ্ধাঞ্জলি (খণ্ড ১-২-৩) মেৰে লিয়ে (২০০১) নূপুৰ (২০০১) জিন্দেগী (২০০৭) পাকিজা (২০১২) চুফী ইস্ক (২০১৭)।

      জুবিন গাৰ্গে অকল এলবামেই বনোৱা নাছিল। তেওঁ ৬ খনকৈ হিন্দী আৰু বাংলা কথাছবিৰ সংগীত পৰিচালনা কৰাৰ লগতে ৩৬ খনৰো অধিক অসমীয়া কথাছবিত সংগীত পৰিচালনা কৰিছে। তাৰে ভিতৰত — হিয়া দিয়া নিয়া (২০০০) তুমি মোৰ মাথোঁ মোৰ (২০০০) জোন জ্বলে কপালত (২০০০) দাগ (২০০১) শেষ উপহাৰ (২০০১) নায়ক (২০০১) কন্যাদান (২০০২) জীৱন নদীৰ দুটি পাৰ (২০০২) প্ৰেম আৰু প্ৰেম (২০০২) জোনাকী মন (২০০২) জুমন সুমন (২০০৩) প্ৰিয়া মিলন (২০০৩) বিধাতা (২০০৩) অগ্নিসাক্ষী (২০০৩) জোনাকবিহীন এই জীৱন (২০০৩) বাৰুদ (২০০৪) ৰং (২০০৪) দীনবন্ধু (২০০৪) অধিনায়ক (২০০৬) আমি অসমীয়া (২০০৬) মন যায় (২০০৮) এখন নেদেখা নদীৰ সিপাৰে (২০১২) ৰ’দৰ চিঠি (২০০১৪) গানে কি আনে (২০১৫) মিছন চাইনা (২০১৭) প্ৰিয়াৰ প্ৰিয় (২০১৭) দা আণ্ডাৰৱৰ্ল্ড (২০১৮) ৰত্নাকৰ (২০১৯) কাঞ্চনজংঘা (২০১৯) প্ৰতিঘাট (২০১৯) ডাক্তৰ বেজবৰুৱা-২ (২০২৩) দা শ্লেম বুক (২০২৩) ৰাঘৱ (২০২৩) চিকাৰ (২০২৪) ভাইমন দা (২০২৫) ভাইমন দা কথাছবিখনত জুবিন গাৰ্গে এটি গীতত কণ্ঠ দিছে) যোদ্ধা (২০২৫) জুবিন গাৰ্গৰ এখন নতুন ছবি ৰৈ ৰৈ বিনালে কথাছবিখনৰ কাম আধৰুৱা ভাৱে থাকি যায়। জুবিন গাৰ্গে অকল অসমীয়া কথা ছবিতে সংগীত পৰিচালনা কৰা নাই তেওঁ অসমীয়াৰ লগতে বিভিন্ন ভাষাত সংগীত পৰিচালনা কৰা চলচ্চিএকেইখন হৈছে— বাংলাত ‘সামসাৰা’, ‘কাছে এসো তুমি’, ‘মন নিয়ে’ ‘শুধু তুমি’, হিন্দীত– ‘দিলতো দিবানা হেই’, ‘ষ্ট্ৰিংছ’ আদি। জুবিনে অকল যে গীত গাইছি বা কথাছবি পৰিচালনা কৰিছিল তেনে নহয়। সংগীত তথা পৰিচালনাৰ লগতে তেওঁ সুন্দৰ অভিনয়ো কৰিছিল। জুবিনে অভিনয় কৰা চলচ্চিএ তথা ধাৰাবাহিকবোৰ হ’ল– তুমি মোৰ মাথোঁ মোৰ, দীনবন্দু, মন যায়, ৰামধেনু, ৰ’দৰ চিঠি, অহেতুক, সাত নম্বৰৰ সন্ধানত, গানে কি আনে, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয়, দা আণ্ডাৰৱৰ্ল্ড, কাঞ্চনজংঘা, ৰাজনীতি, ডক্তৰ বেজবৰুৱা-২  আৰু ৰৈ ৰৈ বিনালে।

      এগৰাকি কণ্ঠশিল্পী আৰু সংগীত পৰিচালক হিচাবে জুবিনে এই ক্ষেএখনলৈ আগবঢ়োৱা অৱদানৰ বাবে -- ২০০৫ চনত বাংলা ছবি ‘শুধ তুমি’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে বি এফ জে এ বঁটা লাভ কৰে। ২০০৬ চনত ‘গেংষ্টাৰ’ৰ য়া আলিৰ বাবে শ্ৰেষ্ঠ নেপথ্য শিল্পী পুৰুষ বঁটা গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (জি আই এফ এ) লাভ কৰে। গেংষ্টাৰৰ য়া আলিৰ বাবে ২০০৬ চনত নিউ মিউজিকেল চেন্সচন বঁটা (পুৰুষ) মেক্ম ডাষ্ট এৱাৰ্ড পাইচিল জুবিনে। ইয়াৰ লগতে গেংষ্টাৰৰ য়া আলিৰ বাবে শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) ফিল্ম ফেয়াৰ এৱাৰ্ডৰ বাবে মনোনীত হৈছিল জুবিন। ইংৰাজী-খাছি ভাষাত ‘শ্বৰ্ট ফিল্ম’ ‘ইকোজ অব্‌ ছাইলেনছ’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ২০০৭ চনত ৰজত কমল বটা লাভ কৰিছিল জুবিন গাৰ্গে আৰু ২০১৪ চনত জুবিনে লাভ কৰিছিল ৰেনেছাঁ অসম বঁটা। তদুপৰি জুবিনে গাৰ্গে মায়া মিডিয়া এৱাৰ্ড, প্ৰাগ চিনে এৱাৰ্ড বটাও পাবলৈ সক্ষম হৈছে। সৌ সিদিনা আমাৰ মৰমৰ জুবিন গাৰ্গ এক অনুষ্ঠানৰ বাবে ছিংগাপুৰলৈ গৈছিল। তাতে এক দুঘটনাত অসম মাতৃৰ আদৰৰ ধন জুবিন গাৰ্গক আমি হেৰুৱালো। ছিংগাপুৰত ঘটনাৰ কেইন্টামান আগতে জুবিন গাৰ্গে তেওঁৰ জীৱনৰ শেষৰটো গান আছিল–

Would you know my name

If I saw you in heaven

Woukd you if be the same

If I saw you in heaven

Beyond the door there is peace I am sure,

And I know there will beno tears in heaven.

   মই যদি তোমাক স্বৰ্গত দেখো, তুমি মোৰ নামটো ক'ব পাৰিবানে ? মই যদি তোমাক স্বৰ্গত দেখো সকলো একে থাকিবনে ? দুৱাৰৰ সিপাৰে শান্তি আছে মই নিশ্চিত আৰু মই জানো স্বৰ্গত কোনো চকুলো নাথাকে।

     জুবিন গাৰ্গে মঞ্চত যেতিয়া মায়াবিনী গীতটো গাই তেতিয়া শ্ৰোতা-দৰ্শকক প্ৰিয়ে কৈছিল– যিদিনা মই মৰিম গোটেই অসমত মায়াবিনী গীতটোয়েই সকলোৱে গাৱ লাগিব আৰু এই গীতটোৱেই বাজিব। কিন্ত কাকতালি ভাবে কোৱা কথাবোৰ আজি সঁচা হ’ল। মায়াবী নিশা মায়াসনা  কণ্ঠৰে মায়াবিনী গাবলৈ আৰু কাহানিও নাহে  সকলোৰে মৰমৰ ,প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গৰ হাজাৰ -হাজাৰ অনুপম সৃষ্টিৰ মাজত মায়াবিনী ৰাতিৰ বুকুত… গীতটো জুবিনৰ বৰ প্ৰিয় আছিল। সেয়ে মায়াবী নিশা দৰ্শকৰ পাৰভগা উচাহৰ মাজত প্ৰতিখন মঞ্চত জুবিনে পৰিবেশন কৰি গৈছিল মায়াবিনী ৰাতিৰ বুকুত…. দেখা পালোঁ তোমাৰ ছবি। জুবিনৰ গীতৰ তালে তালে উপস্থিত দৰ্শক সকলে গাইছিল, নাচিছিল… ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন…। কিন্তু আজি সকলোকে কন্দুৱাই গীতৰ ৰজা ভাগৰত শুই পৰিল চিৰ দিনৰ বাবে। জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি অসমীয়া জাতি জীয়াই থকালৈকে আপোনাৰ স্মৃতি সকলোৰে হ্নদয়ত চিৰ-সেউজ হৈ থাকিব।

মায়াবিনী ৰাতিৰ বুকুত

দেখা পালোঁ তোমাৰ ছবি

ধৰা দিলো গোপনে আহি

হিয়াৰ কোণত…

তুমি যে মোৰ শুকান মনত

নিয়ৰৰে চেচাঁ টোপাল

নামি অহা, ৰ’দৰে নৈ

মোৰ দেহত প্ৰতি পুৱা

ধুমুহাৰ স’তে মোৰ

বহু যুগৰে নাচোন

এন্ধাৰো সচাঁ মোৰ

বহু দিনৰে আপোন

নিজানৰ গান মোৰ

শেষ হ’ব

ভাবোঁ তোমাৰ বুকুত।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages