বিক্ৰম বেতালৰ সাধু
লক্ষী প্ৰসাদ ৰেগন
ভেকুলীৰ পিঠিত শেলুৱৈ।
আদিপাঠ লুঠিয়াই পঢ়িছোঁ ভেকুলীৰ সাধু
জেঠ আহাৰৰ পুৱা কি গধূলি। আনকি দুপৰীয়াও শুনো
দুই এটাৰ মাত
মাত ভেকুলী মাত
নহ'লে আজো-ককাৰ বদনাম
এতিয়া সাধু কোৱা ককা আইতাবোৰো নাই
ক'ৰবাত থাকিলেও নাতি-নাতিনীৰ আগ্ৰহ নাই
তাহানি সাধু শুনি টোপনি যোৱা
মইনাহঁতৰো কিমান চখ এটা সাধু হ’বলৈ
বিক্ৰম বেতালৰ সাধু শুনি
উশাহ ঘন হোৱা
গধূলি এটা আজিও মোৰ সোঁৱে বাওঁৱে
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
No comments:
Post a Comment