শ্ৰদ্ধাঞ্জলিঃ তোমালৈ জুবিন
ৰুক্মিণী হালৈ
মাৰ্ঘেৰিটা
হঠাৎ বজ্ৰপাত
জুবিন গাৰ্গ আৰু নাই
এনেকৈও মৃত্যু আহেনে বাৰু !
যাও বুলিয়েইযে গুচি গ’লা
সকলোকে কন্দুৱাই।
বৃদ্ধ পিতৃলৈ
মনত নপৰিলনে
এবাৰো তোমাৰ ?
গৰিমাৰ কথা তুমি
কিয় নাভাবিলা ?
সাগৰ তলিত শুৱৰে মন বুলি
গীতেৰে মুগ্ধ কৰিছিলা জনতাক,
আজিচোন নিজেই
শুই পৰিলা সাগৰ তলিত
চিৰদিনলৈ।
মনটোৱেচোন মানিব নোখোজে
কোনোমতেই
তুমিযে নোহোৱা হ’লা,
জনতাৰ হিয়াৰ আমঠু তুমি
তোমাৰ মৃত্যু নহয়
কোনোদিনে,
জীয়াই থাকিবা তুমি
এটি সুৰ হৈ, চিৰজীৱি হৈ
চিৰদিন প্ৰতি প্ৰাণে প্ৰাণে।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment