স্মৃতিৰ পাপৰি
ভাস্কৰ কলিতা
যোৰহাট
ডায়েৰী পৃষ্ঠা লুটিয়াই আজি দেখোন হাঁহি বিৰিঙি উঠিছে
প্ৰতিটো পৃষ্ঠা যে হাঁহি কান্দোনেৰে ৰামধেনু চালি আছে
বাউলী ফাগুনত অস্তিত্ব নোহোৱা হৈও বসন্তৰ পৰশত ঠন ধৰি উঠা স্মৃতিবোৰ
আজি যে চলচিত্ৰৰ দৰে অনুভৱ হৈছে
নিজে পৃষ্ঠাত এটা দাগ দিব পৰা ক্ষমতা নাই বুলি জানিও
কলম ধৰাই ধৰাই ভাগৰি যোৱা পুতৌ লগা অৱস্থাৰ স্মৃতি
আজি দিছে হাঁহিম নে কন্দিম অনুভৱ
জীৱন ডায়েৰী লিখক যদি আছেই আমি কি নীৰৱতাই পঢ়ি যাম
আমি বোলে জীৱ শ্ৰেষ্ঠ তেন্তে ক’ত সেই শ্ৰেষ্ঠতা
লিখা অধিকাৰ আমাক নিদিলে সঁচা, লিখিত খিনিতো সজাই তুলিব পাৰোঁ
দুদিনীয়া এই জীৱনত কোন কাৰ আপোন, কি বস্তু নিজৰ
সকলো চকুৰ চিনাকি দুদিনৰ,
হাতৰ মুঠিতে পলকতে হেৰাই যোৱা সকলো অস্থায়ী
প্ৰবল নদীৰ বালিচ’ৰাত স্মৃতিৰ পাপৰি হিচাপে
সৎ, নিস্বাৰ্থ কৰ্মই স্থায়ী কৰিব লাগিব নিজক
যাৰ ডায়েৰীত যি লিখা আছে সেয়াই হ’ব সঁচা
কিন্তু আমি পৰৰ বেয়াতো কৰা চেষ্টা নকৰি ভালতো চেষ্টা কৰো
স্মৃতিৰ পাপৰিবোৰে উকিয়াই উকিয়াই হঁহুৱাব ধাই মা দৰে
ডায়েৰী পৃষ্ঠাবোৰ লুটিয়াই বিৰিঙি উঠিব আত্মসন্তুষ্টিৰ হাঁহি

No comments:
Post a Comment