নিৰাশ হৈ মানুহবোৰ ছাদৰ ওপৰলৈ যায় নেকি ? - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

নিৰাশ হৈ মানুহবোৰ ছাদৰ ওপৰলৈ যায় নেকি ?

 

নিৰাশ হৈ মানুহবোৰ ছাদৰ ওপৰলৈ যায় নেকি ?


বিপাশা বৰা

মাজুলী


কোনোবাই কৈছিল এদিনাখন...

 নিৰাশ হৈ মানুহবোৰ প্ৰায় ছাদৰ ওপৰলৈ যায়।

 কোনোবা সুৰাৰ ৰাগিত আপোন পাহৰা হ'ল

 ছাদৰ ওপৰত,

 কোনোবা মনে মনে চিগাৰেটৰ ধোৱাৰ মাজত

 বিলীন হৈ গ'ল ছাদৰ ওপৰত,

 কাৰোবাক কোনোবাই প্ৰথম দেখা পাইছিল

 ছাদৰ ওপৰত,

 কাৰোবাক প্ৰথম দেখিয়েই প্ৰেমো হৈছিল কাৰোবাৰ

 ছাদৰ ওপৰত,

 কোনোবাই কাৰোবাক দেখি হাঁহিছিল

 ছাদৰ ওপৰত,

 কোনোবাই কাৰোবাক একেথৰে চাই আছিল

 ছাদৰ ওপৰত,

 কোনোবাই জীৱনত

 প্ৰথমবাৰ বৰষুণত তিতাৰ আমেজ লৈছিল

 ছাদৰ ওপৰত,

 কোনোবাই বহুদেৰি কাৰোবাৰ সৈতে বাৰ্তালাপ কৰিছিল

 ছাদৰ ওপৰত,

 কোনোবাই সৰু সৰু টাবত ফুল ৰুইছে

 ছাদৰ ওপৰত,

 কোনোবাই ফুলবোৰ চাই চাই সময় হেৰুৱাইছে

 ছাদৰ ওপৰত,

 কাৰোবাৰ শুকান চুলিবোৰ মৃদু বতাহে উৰুৱাইছে

 ছাদৰ ওপৰত,

 কাৰোবাৰ চুলিৰ সুৱাসত কোনোবা হেৰাইছে

 ছাদৰ ওপৰত,

 কোনোবাই বতাহজাকৰ সৈতে চিলা উৰুৱাই খেলিছে

 ছাদৰ ওপৰত,

 কোনোবাই সুমধুৰ গীতৰ মাজেৰে ৰহণ সানিছে

 ছাদৰ ওপৰত,

 কোনোবাই চিন্তামগ্ন হৈ ঘুৰি ফুৰিছে 

 ছাদৰ ওপৰত,

 কোনোবাই কাৰোবাৰ বাউসিত হাত থৈ সঁহাৰি দিছে

 ছাদৰ ওপৰত,

 কোনোবা ৰৈছে... কোনোবা আঁতৰি গৈছে...

 ছাদৰ ওপৰত,

 কোনোবা এবাৰ বহিছে, আকৌ উঠিছে

 ছাদৰ ওপৰত,

 তেন্তে কেনেকৈ ক’ব পাৰি...

 যে ছাদৰ ওপৰলৈ কেৱল নিৰাশ মানুহবোৰেই যায়!


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages