অনিদ্রা
স্বপ্নশিখা চুতীয়া
গুৱাহাটী
একাদশীৰ জোনাকক
বুকুত সাৱটি
মোৰ বুকুৰ চোতালত
উমলি থাকোতে
মনত পৰিল তোমাৰ কথা।
তোমাৰ বাবে বাট চাই চাই
পাৰ কৰিলো আবেলি !
কিন্তু !
আহিবা জানো
মোৰ বুকুত এজাক
শীতল বতাহ হৈ ?
বুকুৰ মাজত থুপ খাই থকা
বহু কথা
মনত নেপেলাও বুলি ভাবিলেও
অলপ সুৰুঙা হলেও
সোমাই আহি কোমল বুকুখন
গধুৰ কৰি তোলে
চকু মুদা মানেই টোপনি যোৱা
বুলি কব নোৱাৰি ?
চটফটাই থকা মনটোৱে
ক্ৰমশঃ ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে
তোমাৰ এষাৰ মাত শুনাৰ বাবে!
তেতিয়া টোপনি নাহে
এয়া কোনো তোমাৰ বাবে
প্ৰেম নহয়
হয় মাথো, মনত ভাহে
তোমাৰ স্মৃতি,
তোমাৰ প্ৰতি থকা
মোৰ অনুভূতি!
অনিদ্রাৰ ৰাতি।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment