বিৰহী প্ৰিয়াৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

বিৰহী প্ৰিয়াৰ চিঠি


 বিৰহী প্ৰিয়াৰ চিঠি 


                                           ৰিচা গগৈ

                                            ডিব্ৰুগড়


মৰমৰ, 

আন্ধাৰক সাক্ষী কৰি এয়া 

তোমালৈ লিখিবলৈ বহিছোঁ। 

মেঘৰ তীব্ৰ গাজনি আৰু বিজুলীৰ চমকনিয়ে 

বিৰহী বুকুত কম্পনৰ সৃষ্টি কৰিছে

হাজাৰ সূক্ষ্ম আন্দোলনৰ ভয়াৰ্ত ক্ষণৰ সাৰথিত 

হৃদয়ৰ বিষাদবোৰ ব্যক্ত কৰিবলৈ লৈছোঁ। 


প্ৰিয়...

স্বদেশৰ স্বাৰ্থত তুমি নিজক 

অপৰাধীৰ শাৰীত ৰাখিবলৈও কুণ্ঠাবোধ নকৰিলা,

জাতি, মাটি, ভাষাৰ জয়গান গাই 

তুমি আন্দোলনত সক্ৰিয় হ’লা। 

কি পালা... কি হেৰুৱালা প্ৰিয়?? 

দালাল বৰ নেতাই বঙলা সাজি 

আৰামী জীৱন কটাইছে 

তোমাৰ দৰে হাজাৰ নিঃস্বাৰ্থ নেতাৰ 

প্রেয়সী,পত্নীয়ে হিয়া ধাকুৰী কান্দিছে । 


প্ৰিয়, 

স্বাভিমান তোমাৰ তেজত 

দেশপ্ৰেম তোমাৰ দেহৰ প্ৰতিটো অঙ্গত আছিল। 

আমাৰ সপোনৰ মাৰলঘৰত ঘূণে ধৰি 

খোঁটাবোৰ জৰাজীৰ্ণ হ’ল।

অহা জনমত তুমি 

মাথোঁ মোৰ হৈ আহিবা 

আকৌ এবাৰ আমাৰ কাহিনী লিখিম...

পূৰ্ণ কাহিনী ।


অপেক্ষাৰে…


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages