আহ! জীৱন
গীতা ৰাজখোৱা
গোলাঘাট
মানুহজনৰ মৃত্যুৰ পিছতো
ফুলবোৰে হাঁহি আছিল
দ্ৰয়িং ৰূমৰ পট্ৰেইটকেইখনেও কথা কৈ আছিল
কাৰো মুখত নাছিল
অকণো দুখ
দুখ কি সিহঁতে বুজি উঠা নাছিল
মৃত্যু কি সিহঁতৰ বোধগম্য হোৱা নাছিল
তথাপিও—
কংক্ৰীটৰ দেৱালত ওলমি
আসক্তিত মত্ত মানুহবোৰ!
পানী মেটেকাৰ দৰে জীৱনটো
কোনোবাটো বাৰিষাত হেৰাই যায়
হেৰাই গ’লেও, তিলতিলকৈ গঢ়া ঘৰখনত শূণ্যতা
কেইটা দিনলৈ থাকে?
কাৰো সময় নাথাকে
কোনো কাৰো সৈতে যাবলৈ ৰৈ নাথাকে
জীৱনৰ সতে মোহ চিঙাৰ পিছত
কিমান দিনলৈ কঢ়িয়াব পাৰি আপোনজনক
মনৰ মাজত
কোনেও নাজানে
কোনোবাই কঢ়িয়াইও ৰৈ যাব নোৱাৰে
কাৰণ—
গৈ থকাই জীৱন।
জীৱনে শিকালেও
নিশিকা মানুহবোৰে
নিজৰ নিজৰ বুলি আজুৰি ফুৰে
আনৰ কাঢ়ি হ’লেও
নিজৰবোৰৰ মুখ ভৰে।
আহ! জীৱন
হায়ৰে! জীৱন
তথাপিও জীয়া যায় জীৱন।

No comments:
Post a Comment