প্ৰাৰ্থনা
আগমনি ফুকন শইকীয়া
বেজিটোত ওলমি আছে
এডাল জঁট লগা সূতা
সঠিককৈ সুমুৱাই দিলেই
সী ল’ব পাৰি
সময়ৰ কেঁচা বাট
আৰু একেডাল সূতাতেই সী থ'ব পাৰি
একোটা কেঁচেলুৱা মন
আৰু সী থ’ব পাৰি
এখন পৃথিৱীক…
প্ৰাৰ্থনাত এতিয়া
এডাল সূতা
আৰু
নিৰাকাৰ ঈশ্বৰ….
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫
No comments:
Post a Comment