দুয়োটা একেই নে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

দুয়োটা একেই নে

 


দুয়োটা একেই নে 


                                         ধন দাস


১) আলু এটা সিঁজাই আছোঁ 

সি গোল হৈ হৈ নাচি আছে 

উতলা পানীত 

চচ্‌পেনৰ দৰে বৃত্ত এটাৰ মাজত 

অলপ পিছত 

পিটিকা ভাত

ভোকৰ নাট জীৱনৰ বাট

আলু 


২) নৈৰ পাৰত ধোবা এটাই শিল এচটাত 

কাপোৰ ঠুকুচি আছে 

জীৱনে অঁকা এখন ছবি

ঠুকুচি আছে 

ভয়তে কাপোৰবোৰৰ মুখেৰে

ফেনগুতি ওলাইছে

ৰ'দৰ চাৰ্ফত

মলি ধুই আছে

চকুপানীৰ নৈত

জুবুৰিয়াই জুবুৰিয়াই

ধোবা


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages