ভোক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 1, 2025

ভোক


 

ভোক


               আগমনি ফুকন শইকীয়া



নৰ্দমা আৰু ডাষ্টবিন

পথৰ ৰূপ কথা


বৰষুণেৰে চহকী নৰ্দমাই

সুবিধা পালেই পখালে পথ…


ডাষ্টবিনত শুই থাকে

গোলাপী গৰ্ভৰ জালিকটা কলি …


ভোকৰ উৎসৱত

গৰু-ছাগলীৰ লগতে

পাগলীজনীৰ বিদ্ৰোহ বাঢ়ে… 


ভোক চোবাই থাকোঁতেই

গজি উঠে দলনি-নগৰ


স্ট্ৰিট লাইটৰ তলত

ধনগুলৈৰ ভোক হেৰায়


নৰ্দমা আৰু ডাষ্টবিনৰ পৰা ওলোৱা গোন্ধে

সম্প্ৰতি সম্ভ্ৰান্ত বাটৰুৱাক খোজৰ গতি বৃদ্ধি কৰিছে।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages