জীৱনৰ কঠোৰ বাস্তৱ/শংকৰ মাধৱ আৰু টাপলি মাৰিব নোৱৰা চোলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 1, 2025

জীৱনৰ কঠোৰ বাস্তৱ/শংকৰ মাধৱ আৰু টাপলি মাৰিব নোৱৰা চোলা

 


জীৱনৰ কঠোৰ বাস্তৱ/শংকৰ মাধৱ আৰু টাপলি মাৰিব নোৱৰা চোলা


জাতিৰাম কামান


   জীৱনত সুখ দুখ, হা-হুতাশা সকলোৰে থাকে। জীয়াই থকা কালত দুৰ্যোগ সকলোৰে বাবে এদিন নহয় এদিন আহিবই। বিলাই বিপত্তি আহিছে বুলি ধৈৰ্য্য হেৰুৱাব নালাগে। আপদ বিপদত ধৈৰ্য সহকাৰে নিজকে চম্ভালাটোহে আচল কথা। বিপদ আহিলে প্ৰায় মানুহেই বিচলিত হয় আৰু এয়া সাধাৰণ কথা। কিন্তু হ’লেও আগত আহি থকা বিপৰ্যয়ৰ মোকাবিলা কৰিবলৈ হ’লে প্ৰথমে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰিব লাগিব। দুৰ্দিনৰ মুখামুখি হবলৈ ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন হয়।সাহসেই লক্ষী বুলি কোৱাৰদৰে সাহসে সকলো সমস্যা সমাধান কৰাত সহায় কৰে।


শংকৰ মাধৱ, নামঘৰ-সংঘ, আমিষ নিৰামিষ.....


  মধ্যযুগীয়া অসম শাক্তধৰ্মৰ প্ৰভাৱৰ পৰা মুক্ত নাছিল। এতিয়াও আমাৰ ইয়াত বলি বিধানৰ প্ৰথা আছে। দূৰ্গাপূজাত হাঁহ ছাগলি গৰু বলি দিয়া হয়। আইথানে আইথানে বলি বিধান এতিয়াও আছে। বৈষ্ণৱ ধৰ্মই শাক্তধৰ্ম আৰু শৈৱধৰ্মক সম্পূৰ্ণ ৰূপে প্ৰভাৱ মুক্ত কৰিব নোৱাৰিলে।

   স্বয়ং গুৰুজনাৰ পৰিয়ালো শাক্তধৰ্মী আছিল। জীৱ বধৰ দৰে নিষ্ঠুৰ ধৰ্মাচৰণে শিশু শংকৰৰ মনত বিৰূপ প্ৰভাৱ পেলাইছিল। দ কৈ মনত সাঁচ বহি যোৱা বাবে শংকৰ, সাধনাত নামিল সিদ্ধাৰ্থ-গৌতমৰ দৰে। সাংসাৰিক মায়া-মোহ ত্যাগ কৰি গভীৰ তপস্যাত মগ্ন হোৱাৰ ফল স্বৰূপে সিদ্ধাৰ্থ-গৌতমৰ বুদ্ধত্বপ্ৰাপ্তি হ’ল, সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধ হল আৰু বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্ম হল বৌদ্ধধৰ্ম।

  শংকৰেও বিধান বিচাৰি অধ্যয়নত ব্ৰতী হল,তীৰ্থ ভ্ৰমণত নামিল। চাৰিবেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ কন্ঠস্থ কৰি “কীৰ্ত্তন পুথি” ৰচনা কৰি শংকৰৰ পৰা শংকৰদেৱ হল। এক বিশুদ্ধ ধৰ্ম প্ৰচাৰ কৰি বৈষ্ণৱগুৰু,

গুৰু শংকৰদেৱ হৈ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱ হৈ মহাপুৰুষ হ’ল।

   শ্ৰীমন্ত শংকৰদেৱে প্ৰধান শিষ্য মাধৱদেৱ তথা বাকী শিষ্যগনৰ সতে মিলি অসমৰ ঠায়ে ঠায়ে সত্ৰ নামঘৰ পাতিলে আৰু নামধৰ্মকেই সাৰ কৰি সমাজত মৈত্ৰীত্বৰ এনাজৰীডাল কটকটীয়া কৰিলে, সাম্প্ৰদায়িক সম্প্ৰীতিৰে ভৰা সুন্দৰ সমাজ গঢ়িলে।

  সত্ৰ নামঘৰৰ মণিকূটত ‘কীৰ্তন’ ভাগৱত পুথি আৰু ভক্তি ৰত্নাৱলীখন থাপিত থাকে। কাজেই, গোৱা হয় এইবুলি – কীৰ্ত্তন দশমত শংকৰগুৰু

          ৰত্নাৱলী ঘোষাৰে মাধৱগুৰু।

গুৰু দুজনাৰ গুণগান কৰা হয়।

  গুৰু দুজনাৰ পৰৱৰ্তী শিষ্যসকলেও নামঘৰ পাতি নামধৰ্ম প্ৰচাৰত নামিল। আনকি শাক্ত আৰু প্ৰকৃতি পূজাত মজি থকা জনজাতীয় অঞ্চলত গৈ তেওঁলোকে পালন কৰিব পৰাকৈ কালসংহতি অথবা কেৱলীয়া পন্থাৰে কীৰ্ত্তন পাঠ গোৱালে, নামঘোষা গোৱালে।

  হিন্দুধৰ্মৰ মঠ মন্দিৰ, নামঘৰ আদিত বেৰ দিয়া নাথাকে। সেই কাৰণেই মুক্ত থাকে যাতে সকলো শ্ৰেনীৰ ভক্তই মন্দিৰে নামঘৰে গৈ প্ৰভুৰ শ্ৰীচৰণত সেৱা লব পাৰে। মন্দিৰ, নামঘৰ সাৰ্বজনীন।ই কোনো পন্থা, সংঘ বা সংস্থাৰ নীতি নিৰ্দেশনাত সীমিত নহয়। অপাৰ মহিমাৰ নিৰাকাৰা পৰমব্ৰহ্ম শ্ৰীভগৱন্তক নামঘৰৰ ক্ষুদ্ৰ চাৰিবেৰত বন্দী কৰিব নোৱাৰি। ভগৱান সকলোৰে বাবে। ঈশ্বৰ স্তুতি সকলোৱেই কৰে, ইয়াৰ প্ৰকাৰ বা ধৰণ বেলেগ হ’ব পাৰে যাক পন্থা বুলি কোৱা হয়। ধৰ্ম একেই, ধৰ্মাচাৰহে বেলেগ। যাক সাধনমাৰ্গ বা ৰীতি বুলিও কয়; এয়াই পন্থা, ধৰ্মীয় পন্থা।

   গুৰু জনাই ভক্তিভাৱেৰেহে নাম গাবলৈ কৈছিল। নামঘৰত কোনে কি খায়, তেনে পৰচৰ্চা কৰিবলৈ নহয়। প্ৰসাদ বিতৰণত খেলিমেলি কৰিবলৈ নহয়। ভক্তিভাৱটোহে আচল। চুব নাপায়, চুৱা লাগিব, ধৰ্ম নষ্ট হ’ব… সেইবোৰ নিকৃষ্ট মানসিকতাৰ খুচুৰা কথা। ধৰ্ম পালন কৰা কাৰ্য অত্যন্ত ব্যক্তিগত কথা। ধৰ্মাৱলম্বীৰ বাবে ভাৰতীয় সংবিধানেও স্বাধীনতা দিছে। তেনে ক্ষেত্ৰত ধৰ্মাচৰণত নীতি নিৰ্দেশনা, খাদ্যাভাস, পেছা কি? ইত্যাদি বোৰ গৌন। তেনে কৰা অনুচিত। এয়া ধৰম কৰম হ’বই নোৱাৰে।

  শংকৰদেৱৰ মহান আদৰ্শক সৰু সুৰা অদৰ্কাৰী কথাৰে, ঠেক বিচাৰ বিবেচনাৰে সংকীৰ্ণ মানসিক আচাৰ আচৰণেৰে বিকৃত কৰিব নালাগে। তেনেদৰে চলি থাকিলে সমাজত বিভাজন হ’ব, সমাজত বিশৃংখল হ’ব, খামখেয়ালি বাঢ়িব। ধৰ্ম নহৈ জাত পাত বিচাৰ কৰা মেল হৈ পৰিব।


টাপলি মাৰিব নোৱৰা চোলাঃ

  দৈনন্দিন খৰছবোৰ দিনক দিনে বাঢ়ি গৈয়েই আছে; ভূতৰ ওপৰত দানহ পৰাৰ দৰে তীব্ৰবেগী ঘোঁৰাৰ দৰে দৌৰা ইলেক্ট্ৰিক মিটাৰৰ দৌৰাত্ম্যত চক্ৰবৃদ্ধি হাৰত বৰ্ধিত মাহেকীয়া বিল। পেন্সনভোগী, নিম্ন মধ্যবিত্তীয় আৰু দুখীয়া নিচলা মানুহে দৈনন্দিন জীৱনত সৰিহয় ফুল দেখিছে বজাৰৰ জুই চাই দামত।

     সমাজৰ সৰহ ভাগ পৰিয়াল মাহৰ হিচাবত পেটে ভাতে খাই চলা মানুহ। চৰকাৰী আচঁনিৰ টকা ঢুকি নোপোৱা বহুতো মানুহ আছে, যিসকলৰ কৰ্ম সংস্থানৰ অভাৱ, উপাৰ্জনৰ পথ ৰূদ্ধ। এচামে আক’ চাকৰি বাকৰি নোহোৱাকৈ মন্ত্ৰী এমেলেৰ পকৰত ঘূৰি খোৰাকী উলিয়াইছে। তাৰে ধেমাধৰা স্থাৱক চামে আকৌ ব্যয়বহুল গাড়ী চলায়, অট্টালিকা সজায়। দেশ বিদেশ ফুৰে। তেওঁলোকেহে জিন্দেগীত এনজয় কৰিছে! বাকীবোৰ চুকৰ ভেকুলি।

   উত্তৰ লখিমপুৰৰ গৌৰৱ, প্ৰখ্যাত নাট্যকাৰ প্ৰয়াত আলি হাইদৰৰ এখন নাটক ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা তাহানি প্ৰচাৰিত হৈছিল। নাটকখনিৰ নাম আছিল – ‘এটা চোলাৰ কাহিনী’। দৰিদ্ৰ দৰ্জী জনে এটা আপদীয়া চোলা সিঁওতে সিঁওতে ভাগৰি যায়। যিমানেই চোলাটোৰ টাপলি মাৰে সিমানেই মানুহজন শকত হৈ গৈ থাকে। মানে বাঢ়ি গৈ থকা শকত মানুহজনৰ জোখাৰে চোলাটো চিলাই টাপলি মাৰোতে মাৰোতে টাপলি মাৰিবলৈ জেগাই নোহোৱা হ’ল। নাটকখন আচলতে প্ৰতীকধৰ্মী নাটক। শোষক আৰু শোষিতক লৈ।

   আমাৰ বেলিকা আকৌ বেলেগ। মাহৰ জোখাৰে জোৰা টাপলি মাৰিব নোৱৰা হিচাপ। বস্তু বাহানিৰ জুই ছাই দামে ৰাইজক কোঙা কৰিছে। কুৰি টকাত তিনিডাল লাইশাক। তথাপি ৰাইজে খাবলৈ এৰা নাই।

  ৰাস্তাত গাড়ীৰ ভিৰ দেখি বিচূৰ্তি খাওঁ। এনেয়ে আমি চিঞৰি থাকো পেট্ৰল ডিজেলৰ দাম বাঢ়িছে বুলি। পেট্ৰলৰ দাম বাঢ়িছে বুলি মানুহে গাড়ী মটৰ চলাবলৈ এৰা নাই। ৰাস্তা ঘাটে প্ৰায়ে ট্ৰেফিক জাম। মানুহে কৰ পৰা টকা পাইছে হয়! মোদিক গালি পাৰি লাভ নাই। দাম অতিমাত্ৰা বাঢ়িলেও ৰাইজে গাড়ীত পেট্ৰল ভৰাবলৈ এৰা নাই।

   চিমেন্ট ৰ’দ, হাৰ্ডৱেৰ সামগ্ৰীৰ দাম সিমানেই বাঢ়িছে যে সৰু লেট্ৰিনৰ ৰূম এটাও বনাব নোৱাৰোঁ। কিন্তু হ’লেও আমি দেখিছো — টাইলচ, পাত্থৰেৰে খচোৱা সুসজ্জিত বিয়োগোম বিয়াগোম বিল্ডিং ঘৰ। মানুহ বিলাকে কৰ পৰা সিমান ধন পাইছে হয়?

   মানুহে টকা ঘটিয়েই আছে।বিল্ডিং সজাবলৈ এৰা নাই, গাড়ী চলাবলৈ এৰা নাই। মানুহৰ উন্নতি হৈছে।এনেয়ে মোদিক গালি পাৰি লাভ নাই। ৰাইজে ধন ঘটিয়েই আছে।

   আমিবোৰহে মাহৰ খৰছৰ হিচাপ মিলাব পৰা নাই। খৰছৰ টাপলি মাৰিব পৰা নাইকিয়া। তথাপি চলিব লাগিব যেনতেন। নমৰালৈকে খাই থাকিব লাগিব। বেমাৰ আহিলেই বিপদ, দুৰ্ঘটনা ঘটিলেই বিপদ! নিগমে মৰিব লাগিব। কাৰণ আমাৰ টকা পইচা নাই। টকা পইচাৰেহে আজিকালি সকলো জোখা হয়। ঘৰৰ পৰা এখোজ ওলালেই টকা। মুঠতে টকা লাগে। টকা নহ’লে সব মিছা।টকা কেনেকৈ ঘটে হয়? টকা ঘটাৰ বিভিন্ন উপায় আছে। তাৰে সৎ পথেৰে টকা ঘটি বৰ সোনকালে বৰঘৰ সাজিব নোৱাৰি যদিও মাগি খাব লগা নহয়। ৰাজ্যত যিমান বিয়াগোম ঘৰ বিল্ডিং সাজি আছে তাৰ সৰহ ভাগেই অসৎ পথে অৰ্জা ধনেৰে নিৰ্মাণ কৰা। চৰকাৰৰ বৰ মূৰীয়া সকল যদি নিকা ভাৱমূৰ্তিৰ হয় তেন্তে কোনো ঠিকাদাৰ চাপ্লায়াৰ আৰু বেপাৰীয়ে দুৰ্নীতি কৰিব নোৱাৰে। আমাৰ দেশৰ আটাইতকৈ দুখৰ কাৰণটোৱেই হৈছে গুৰিৰ পৰা মূৰলৈকে গেলি যোৱা দুৰ্নীতি। দেশত দুৰ্নীতি নিৰ্মূল নোহোৱালৈকে দেশৰ অৱস্থাৰ সংশোধন নহয়। বজাৰত বয় বস্তুৰ মূল্যবৃদ্ধি নহলে, স্কুল কলেজৰ বৰ্ধিত মাছুল দিব লগীয়া নহ’লে সকলো শ্ৰেনীৰ লোকে ভালদৰে চলিব পাৰিব। জনতাৰ টেক্সৰ টকাবোৰ চৰকাৰৰ বিভাগীয় মিনিষ্টাৰ আমোলা বিষয়াসকলে শৰাধ নকৰা হ’লে দেশৰ অৱস্থা এনেদৰে নাথাকিলেহেঁতেন।

   দেশত চিণ্ডিকেট ৰাজ, বিভাগে বিভাগে সোঁচৰি যোৱা কৰাপচন ৰোধ কৰিলেহে সামগ্ৰিক ভাৱে দেশৰ উন্নতি হব আৰু ধনী দুখীয়া নিৰ্বিশেষে সুখে শান্তিৰে চলিব পাৰিব। চলিত চৰকাৰখন জনপ্ৰিয় চৰকাৰ হয়নে?ইয়াৰ উত্তৰ সাধাৰণ ৰাইজেহে দিব পাৰিব। যদি সৰহ সংখ্যকে কয় ভাল চৰকাৰ বুলি তেন্তে আমাৰ কবলগীয়া একো নাই।

  কেতিয়াবা নাৱঁৰ তলি ফুটি নাও ডুবে কেতিয়াবা নাৱৰীয়াই নিজেই নাও ডুবায়। গুৰি বঠা ধৰা নাৱৰীয়াই নিজে নাও ডুবালে যাত্ৰীৰ উপায় নাই; নিগমে ডুব যাব লাগিব।

  বিড়ম্বনাৰ কথাটো হ’ল আমাৰ দেশত নিজে নাও ডুবোৱা নাৱৰীয়া থকাৰ লগতে টিং বুৰিলেও ননমা নাৱৰীয়াও আছে। তেনে আপদীয়া নাৱৰ গুৰিয়ালবোৰ থকাৰ বাবেই যাত্ৰীৰূপী জনতা অথাই সাগৰত কক্ বকাই আছে। নাৱৰ গুৰিয়াল ঠিক হ’ব লাগিব তেনে দেশৰ নাও সোঁতৰ বিপৰীতেও সুন্দৰকৈ চলিব।


Doksiri দকচিৰি, ছেপ্তেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages