শৰতৰ নিয়ৰ সিক্ত এটি পুৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

শৰতৰ নিয়ৰ সিক্ত এটি পুৱা



 শৰতৰ নিয়ৰ সিক্ত এটি পুৱা


প্ৰণৱ শৰ্মা

গুৱাহাটী


শৰতৰ নিয়ৰসিক্ত এটি পুৱা 

আহিনৰ সেউজীয়া দূৱৰিত

মুকুতা মনিৰ শুভ্ৰতাৰ 

প্ৰাচৰ্যৰে ভৰা এখনি দলিচা 

শেৱালি সুৱাস সনা 

মাধুৰ্যৰে ভৰপুৰ 

পুৱতি নিশাৰ এটি 

মধুৰ ষ্মৃতিৰ সপোন 

হালি – জালি নাচি বাগি 

নৈ কাষৰীয়া শুভ্ৰ কঁহুৱাইও 

হেন্দোলনি তুলি 

প্ৰতিধ্বনিত কৰি তোলে 

অবুজ হিয়াক 

বতাহৰ সানিধ্যতাৰে 

নীলাভ সাগৰৰ বুকুতো

চিক্‌মিক্‌ তিৰবিৰনিত 

ৰহস্যময় প্ৰকৃতিৰ মাদকতাৰে

উন্মনা প্ৰকৃতিৰ সৃষ্টিৰ  বিশালতা সোন্দৰ্য প্ৰিয়াসী হৃদয়ত

এবাৰ হ'লেও প্ৰতিক্ৰিয়াৰ  সৃষ্টি  কৰি 

অনুভৱৰ কৰনি ভৰাই তোলে 

আহিনৰ শুভ্ৰ শেৱালিৰ সুৱাসেৰে  

ভাল  পোৱাৰ প্ৰতিশ্ৰুতিৰে 

শৰতৰ আহিনে 

নীল আকাশৰ 

জোন আৰু জোনালীৰ লগত 

মিতিৰালি পাতি 

পুৱতি নিশাৰ বিদায়ৰ 

চকুলোৰে 

তলমৰা শেৱালিৰ সুৱাসেৰে 

প্ৰচুৰ্যৰ মাদকতাৰে ভৰা 

শৰত ঋতুৰ আগমনৰ 

প্ৰতিটো পুৱাতে 

সুমধৰ লগনতে 


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages