লুইতৰপৰা ভল্গা-মিচিচিপিলৈ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

লুইতৰপৰা ভল্গা-মিচিচিপিলৈ

 

লুইতৰপৰা ভল্গা-মিচিচিপিলৈ


                                 ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী


নীলকান্তগৃহৰপৰা মৌটোৱে 

ভল্গা-মিচিচিপিৰ চেতনাকাননৰ

মলৰেণু কঢ়িয়াই আনিছিল

কিৰাতভূমিৰ চিৰ সেউজলৈ


লুইত-সোৱনশিৰী

গঙ্গা-পদ্মাৰ সুৰেৰে

মেণ্ডেলাআকাশৰ নীলাৰে

তোমাৰ অনুভৱেৰে ভৰা এই দেশ


হিয়াকাননত ফুলি ৰোৱা ফুলবোৰত

তুমি এটি ক’লা ভোমোৰা

তোমাৰ দুধাৰি চকুলোত উটি-উৰি ফুৰা

শৰালি-বালিমাহী


পলৰবচনৰ বিননিক 

লুইতৰ পলসত পুতিলা তুমিয়েই

মদাৰফুল পূজাত নালাগিব পাৰে

আজি সেই ফুলেৰেই পূজা কৰেচোন


আজি এই ক্ষণ বিষণ্ণ ক্ষণ

কেতিয়া যে হ’ব তোমাৰ গান 

আস্থাহীনতাৰ বিপৰীতে

গভীৰ আস্থাৰ গান…


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages