আঠু - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

আঠু

 

আঠু

 

             অংকুৰিতা ফুকন

        দেৰগাঁও, গোলাঘাট


আঠুভঙা বাটটোত আঠুঢকা চোলাপিন্ধা ছোৱালীজনী

নিখোজ হোৱাৰ পিছত

এখন সভা বহিছিল


আঠুমুৰীয়া চুৰিয়া পিন্ধা মেলেকীৰ 

মুখে মুখে সেইদিনা ফুলিছিল ৰটনাৰ ফুল  

কোনো সিন্ধান্তত উপনীত নোহোৱাকৈ 

সভাখন ভংগ হৈছিল


আঠুঢকা চোলাপিন্ধা ছোৱালীজনীয়ে

কজলা আঠুৰ সাধুবোৰ লুকুৱাইছিল

সাধুবোৰে জীয়নদিয়া কাঠআচিনাইবোৰ

কাৰো চকুত নপৰাকৈ ঢাকিছিল


পিছে সভাখনত তাইৰ কলাফুলযুৰিহে

আলোচনাৰ বিষয় হৈছিল


আঠুঢকা চোলাপিন্ধা ছোৱালীজনী

নিখোজ হোৱাৰ পিছত তাইৰ সমনীয়াবোৰে

কলাফুল ওলোৱা চোলা পিন্ধিবলৈ এৰিলে


সাধুৰ উশাহত প্ৰাণপোৱা পৰজীৱীবোৰ দেখি

আঠুভঙা বাটলৈ ওলাবলৈ পাহৰিলে

আঠুঢকা ছোৱালীজনীক সিহঁতে নিজৰ মাজতে আৱিষ্কাৰ কৰিলে



আঠুঢকা চোলাপিন্ধা ছোৱালীজনীৰ 

সম্ভেদ এতিয়াও নাই

ছোৱালীবোৰে সভাৰ আগেৰে

কলাফুল ঢকা চোলা পিন্ধিহে যায়…


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages