ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ
তুমি চিৰ নমস্য মনীষী
ড° দেৱজিৎ পেগু
সহকাৰী অধ্যাপক
দৰ্শন বিভাগ
গোগামুখ মহাবিদ্যালয়
মানৱ হৃদয়ৰ তমসা নাশি জ্ঞানৰ আলোকৰে আলোকিত কৰোঁতা সত্ত্বা
তুমি মহান তোমাক কৰিছোঁ সশ্ৰদ্ধ প্ৰণাম
তুমি মানৱ সম্পদৰ খনিকৰ
তোমাৰ পৰশতে প্ৰাণৱন্ত সুপ্ত প্ৰতিভা।
প্ৰজ্ঞাৰ সাধনাৰে দিলা তুমি জীৱন আৰু জগতৰ গূঢ়াৰ্থ উপলব্ধিৰ বিবেক দৃষ্টি
জ্যোতিষ্মান ব্যক্তিত্বৰে সহজসাধ্য কৰা তুমি জীৱনৰ মৰ্মাৰ্থ আৰু বোধগম্য কৰা জগতৰ গুহ্যতম ৰহস্য।
বৌদ্ধিক জ্ঞান, দাৰ্শনিক চিন্তা, নৈতিক চেতনা আৰু আধ্যাত্মিক প্ৰজ্ঞাৰ মৌলিক সৃষ্টিৰে সমাজক কৰা টনকিয়াল তথা অনন্য
তোমাৰ অৱদানে কৰে মানৱ সমাজক আহ্লাদিত।
নিজ স্বৰূপ উপলব্ধিৰে কৰিলা তুমি মানৱতাৰ উৎকৰ্ষতা আৰু
সঠিক পথ প্ৰদৰ্শন কৰিলা অগণন নতুন প্ৰজন্মক নিজ নিষ্কাম কৰ্মৰ চানেকিৰে।
হে মানৱতাৰ মহান খনিকৰ
তোমাক কৰিছোঁ শত কৌটি সশ্ৰদ্ধ প্ৰণাম
হে মানৱ সম্পদৰ আৱিষ্কাৰক
তুমি বিশ্ববন্দিতা তুমি মানৱ সমাজৰ চিৰ নমস্য তোমাক কৰিছোঁ অহৈতুকী অৰ্ঘ্যৰে ভক্তিভৰা অষ্টাংগে সেৱা।
তুমি সদায় জীৱন্ত জ্ঞান পিপাসুৰ মাজত তোমাৰ নিত্য শাশ্বত অবিনাশী আলোকময় বাণীৰে...!!!
No comments:
Post a Comment