প্ৰেম কোনো চুক্তি নহয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

প্ৰেম কোনো চুক্তি নহয়


 প্ৰেম কোনো চুক্তি নহয়


                                                  ৰীতে ৰিদম


প্ৰেম—

ই নহয় চুক্তি, নহয় লিখা বিধি

ই হ’ল যুগ যুগান্তৰে আত্মাৰ মিলন

শিৱে ধ্বংস, পাৰ্বতী সৃষ্টি

তথাপি দুয়োটাই মিলি হয় এক বিশ্ব পূৰ্ণ প্ৰাপ্তি।


প্ৰেম—

ই ৰাধাৰ আঁচলত কৃষ্ণৰ বাঁহীৰ সুৰ

দূৰে থাকিলেও হৃদয়ৰ একতান

ই নহয় কাগজৰ আঁচনি

ই হ’ল জন্মৰ পাৰ হৈ থকা বন্ধন।


ৰূপ—

ফুলৰ কলিৰ দৰে ক্ষণস্থায়ী

চকচকনি ম্লান হয় ক্ৰমে সময়ৰ সোঁতত

কিন্তু আত্মাৰ সৌন্দৰ্য্য—

যেন চন্দ্ৰৰ জোনাক

যুগে যুগে চিৰন্তন, অবিনাশী।


সম্পৰ্ক যদি দেহৰ মোহত গঢ়ি উঠে

ই বালি-মাটিৰ ঘৰ—

তুষাৰ টোপালে খহি পৰে

কিন্তু প্ৰেম যদি আত্মাৰ আস্থাত গঢ়া

ই হ’ল গছৰ মূল

যি ধুমুহাতো উভালি নপৰে।


প্ৰেম—

ই নহয় “এজনে ৰাখিব, আনজনে ভাঙিব” বুলি খেলা,

ই হ’ল এক সপোন, এক আধ্যাত্মিক যাত্ৰা।

দুয়োটা আত্মা মিলি হয় এক

যেন অগ্নি আৰু ঘৃত

যেন গীত আৰু সুৰ

যেন সৃষ্টিৰ আদি মন্ত্র।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages