লেখা নিদি শ্বহীদ হোৱা সংগ্ৰামী বীৰজনৰ কথাৰে
উত্তম লইং
(১)
যাৰ বুকুৰ শোণিতেৰে স্বাধীনতাৰ স্বপ্নদ্ৰষ্টাৰ টুপনি হৰে,
যাৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্বাধীনতাৰ জীয়া মন্ত্ৰ উতলি উঠে,
আবাহনী ঢৌ খেলা লাহৰী বুকুত যাৰ
কেৱল স্বাধীনতা, স্বাধীনতা আৰু স্বাধীনতা।
যি কাৰাগাৰৰ পৰাধীনতাৰ শিকলি চিঙি
মুক্ত কৰিব খুজিছিল বগা চাহাবৰ স্বাধীনতাৰ কবৰ,
যাৰ মন গহনত নিনাদিত হয় স্বাধীনতাৰ নিযুত স্বপ্ন
তেওঁ হ’ল চেঙেলী সুঁতি পাৰৰ বিয়াল্লিছৰ বীৰ শ্বহীদ কমলা মিৰি।
সেই ৰণুৱাই বোকা পানী নেওচি বিপ্লৱৰ বাট বুলাই
সুখ নিদ্ৰাকো পৰিহাৰ কৰি
পোহৰৰ বাট কাটিলে।
পৰমা সুন্দৰী ভাৰ্যা কনিকীৰ উমাল সান্নিধ্যক উকা কৰি
পৰিয়ালকো আওকান কৰি,
ওলাই গৈছিল দিগ্বিজয়ী বীৰ
অশ্ৰু সিক্ত নয়নেও টলাব পৰা নাছিল তেওঁক,
জাতিৰ উৰ্ধত.…।
(২)
“নৈৰ পানী বাঢ়িলে চাপৰি বুৰিলে
মিৰিয়নী কান্দিলে চাঙত
কনিকীৰ কমলাই ঘৰ বাৰী এৰিলে
জাতিৰ আন্দোলনেই বোলে তেওঁৰ মৰত।”
নৰেণ শৰ্মাৰ ভাৰ্যাই বাতৰি পাই আশ্বাস দিলে-
“মিৰি জাতি পানীত নমৰে,
বামত হে মৰে”।
তেওঁ নীলিম আকাশৰ জোনাক
পোহৰৰ বাট
তেওঁ সৃষ্টিৰ পথাৰৰ নদন বদন সপোন
হেঁপাহৰ জয় গান
তেওঁক কোনে কয় নিৰক্ষৰ?
কোনে কয় অশিক্ষিত?
নিজে লিখিছিল যাযাবৰী বহু ঠিকনা
আজি কোনে কয় অঁকৰা
অঁকৰা মিৰিয়ে কৰিলে নকৰা নকৰা
পৰাধীনতাৰ শিকলি চিঙি
স্বাধীনতাৰ সপোন জিনিলে।
জাতিৰ বাবেই দেহ কৰিলে ত্যাগ,
দেশ ভূমিৰ প্ৰেম, স্বদেশপ্ৰেম…।
(৩)
কমলা মিৰিৰ গাঁৱৰে ল’ৰা আমি
বুকুত তেজাল ঘোঁৰা
উদ্দীপ্ত তৰুণ সূৰুয
হাতত ত্ৰিৰংগ নিচান…।
নৈ শুৱনি মিচিং আমি পাঁচ চাঙৰ মিৰি
অৱহেলিত আজি জাতিৰ নায়ক
বুকুত মেথনি মৰা কনেংজনীও আজি নিমাত
কাৰপুমপুলি ৰাতি একবিংশ শতিকাৰ নিনাদ
কলিজাত বাজি থাকিল এটি অকলশৰীয়া কাবান…!
(৪)
বুকুৰ পণ “কৰিম কিম্বা মৰিম”
তাৰ বাবেই যেন মহা আয়োজন
তেওঁ দেশৰ বাবেই কৰিলে
আৰু দহৰ বাবেই শ্বহীদ হৈ ৰ’ল।
গোপীনাথ বৰদলৈয়ে এদিন কান্ধত হাত থৈ কৈছিল- “ধন্য টেমেৰা, ধন্য কমলা”
সঁচাই জাতিৰ নায়ক আজি ধন্য হৈ ৰ'ল।
তেওঁ আছিল অদম্য সাহস আৰু বিশ্বাসী
একাঠু বোকা গছকি হাতত তিয়নি লৈ গৈছিল ওলাই,
সহযাত্ৰী আছিল বলোৰাম চেক্ৰেটৰি, কৰ্দিক, বেপুং, ধনাম মিৰি
যদিও নাছিল গাৱঁৰ সুচল বাট
তেৱেঁই আছিল এচমকা পোহৰৰ বাট।
কৌশল কৰি বিলাতী চাহাবে জে’লত ৰাখিলে
চাহাবে দিলে এটা সুযোগ উপহাৰ- “লেখা দে আজিৰ পৰা সংগ্ৰামত লিপ্ত নহওঁ, ক্ষণিকতে মুক্ত কৰি দিম”
তেওঁ বিনা-দ্বিধাই প্ৰত্যাখান কৰিলে-
“লেখা দি ওলাই যোৱাতকৈ জে’লতেই মৰিম”।


No comments:
Post a Comment