শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে !
অবিনাশ বাস্তৱ
শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে;
শেৱালী বুলি ভুলতে ভুল কৰি
সাবতিব নালাগিলহেতেন
বুকুত হাজাৰ কেকটাচ।
মাজনিশা সাৰ পাই শুণা নগ’লহেতেন
কত বুকু ভঙা প্ৰেমিকৰ উচুপনি।
সমীধান মাথোঁ কত প্ৰহেলিকাৰ সমীপেষু !
শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে;
শৰতৰ সন্ধিয়া ষ্ট্ৰিক লাইটৰ পোহৰত
নিজিলিকিল হেতেন যতমানে অঘৰীৰ শৰীৰ।
পেটত গামোচা বান্ধি,
কত মানৱে ভুগিবলগীয়া নহ’লহেতেন
জীৱনৰ জ্বালা।
শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে
পানীৰ তলত নৰ’লহেতেন
কংক্ৰিটৰ চহৰখন
ভোকত কাতৰ জীৱটোৱে
গিলিব লগীয়া নহ’লহেতেন
সুৱাহতকৈ শেৱালিৰ তিতা।
শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে
দাপোনত বিলাসিতাৰ সপোন দেখা
কত প্ৰহেলিকাৰ
ধানপাতে আঙুলি নাকাটিলহেতেন
কত ডেকাৰ নাঙলৰ সিৰলুত
সপোন নেহেৰালেহেঁতেন।
শেৱালিৰ সুৱাহতে শৰৎ অহা হ’লে
আফিঙৰ গিলাচত ওঁঠ থৈ
নচলালেহেতেন সদাগৰী শোষণ।
শুনিবলগীয়া নহ’লহেতেন
ফুলাম গামোচাৰ সৈতে মুখ্য অতিথিৰ ভাষণ।
উৰি যায় সপোন চিগাৰেটৰ ধোৱাত।
হৃদয়ে বিচাৰে শৰতৰ মাদকতা;
শেৱালিয়ে দি যায় সুৱাহতকৈ শেৱালিৰ তিতা।

No comments:
Post a Comment