অশান্ত মনত ক্ষোভৰ পৰিধি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

অশান্ত মনত ক্ষোভৰ পৰিধি

 

অশান্ত মনত ক্ষোভৰ পৰিধি


শেৱালী বড়া

ছিপাঝাৰ, দৰং


হাঁহিৰ আঁৰত বিচাৰো সুখৰ ঠিকনা  

মৌনতাৰ কোলাত বিষাদৰ ছাঁ

অভিনয় কৰো সুখ আৰু দুখৰ

হাঁহি আৰু কান্দি জীৱন নাটৰ

নাই আজি ভাল লগা 

নালাগে  একোক ভাল

কাকনো ক’ম, কোনেনো শুনিব

যান্ত্ৰিকতাৰ ভিৰত সকলো আবদ্ধ

দিন আৰু ৰাতি অসহ্য বেদনাই

দগ্ধ কৰে হিয়াৰ গোপন কোঠা

হাহাকাৰ কৰে মনটোৱে বিচাৰি উৎস

ঢৌপাশৰ প্ৰতিচ্ছবিয়ে মনটো কৰে ত্বৰান্বিত বিক্ষিপ্ত ঘটনাবোৰ সিঁচৰটি চৌপাশে

কাঠফুলা আৰু ৰঘুমলাৰ দৰে

সামাজিক ব্যাধিবোৰ বাঢ়িছে অলক্ষিতে

সংক্ৰমিত কৰিছে সকলো স্তৰতে

নিজ চকুকে নোৱাৰো বিশ্বাস কৰিব

বিভৎস অসামাজিক দৃশ্যবোৰ ভাহি

মোৰ দুচকু বিষাদত সেমেকাই তোলে

বিকৎ শব্দ কিছুমানে বিষাক্ত কীটৰ দৰে

অহৰ্নিশে ক্ৰিয়া কৰে মগজুত

অবিধানত নথকা শব্দবোৰৰ বহুল ব্যৱহাৰে  আকাশ বতাহ কৰিছে বিষাক্ত

বিষাক্ত হৈছে প্ৰানদায়িনী মুক্ত বায়ু

বিষাক্ত উশাহ নিশাহত ধাৱিত বায়ু

হৈছে বিষাক্ত কেঁচা তেজৰ চেঁকুৰা

প্ৰবাহিত হৈছে প্ৰজন্মৰ ৰন্ধে ৰন্ধে 

অৱক্ষয় আৰু অৱনতি প্ৰতিপল।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages