তাইৰ হাঁহি
অম্লান পাংগিং
চৰাইদেউ
এপিয়লা গ্ৰীন্-টিৰে
এটি আহিনৰ পুৱাক
সম্ভাষণ জনোৱা
তাইৰ স্বপ্ন!
প্ৰত্যেকদিনাই টেবুলৰ কাষত বহি
অলপ সুখ-দুখৰ কথা পাতা
তাইৰ চকুলো!
ৰ’দ আৰু বতাহ
তাইৰ ভাগ্য!
এটি আহিনৰ পুৱাক জীয়াই ৰখা
তাইৰ হাঁহি!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment