শীত আহিছে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

শীত আহিছে

 

শীত আহিছে


                               যতীন মিলি


তুমি অহাৰ উমান পাই পকা পাতবোৰ চকুলো হৈ সৰিছে।

লঠঙা গছবোৰত নিয়ৰৰ ফুল ফুলিছে।


অই নিঃতম এটি ওঁঠত লৈ

অবিৰাম বৈ থকা

নদীখনেও উদঙাইছে শীৰ্ণ শৰীৰ।


মহাশূন্যৰ ঐয়াঙে-দৈয়াঙে সৰাপাতৰ দলিছা পাৰি

শীতে আয়োজন কৰিছে নিয়ৰ সমাৰোহ

ঢেঁকী-উঁৰালৰ ছেৱত প্ৰাণ পাই উঠিছে

চহা মানুহৰ প্ৰেম-মাটিৰ নিটোল গান।


নীলিমাকাশত জোনটিয়েও গাভৰু তৰাজাকৰ সৈতে সপোনৰ ডিঙা মেলিছে।

এসাগৰ কুঁৱলিত ভিজি গৈ প্ৰেমালাপ কৰিছে

এটি বিনীত পুৱা বিচাৰি


কুঁছিমুছিকৈ বুকুৰ অভ্যন্তৰলৈ সোমাই অহা

শীতৰ সন্ত্ৰাস আৰু উত্তাপৰ বন্ধুত্ব এতিয়া জুইৰ স’তে

ৰ’দৰ স’তে মিঠা আলাপ মিঠা আলিংগন।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages