ডায়েৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

ডায়েৰী


 ডায়েৰী


                   অনুস্মিতা ফুকন


বহুদিনৰ পিছত নিজৰ সন্ধানত মেলি লৈছো

ডাঠ কলেৱৰৰে বান্ধ খাই থকা ডায়েৰীখন


উৱলি যোৱা শব্দৰ মাজত 

নিৰৱে শুই আছিল জীৱনৰ

অপ্ৰত্যাশিত কিছু সপোন 

ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাত ৰিণি- ৰিণি বাজি আছিল

উৰিবলৈ বিচাৰি ডেউকা হেৰুওৱা নিচুকনি গীতবোৰ


বাস্তৱতাৰ কোলাহলত 

বহু আশাই শুই পৰে

জীৱন জীয়াৰ অজুহাতত 

কিছু প্ৰেমে কলিতেই উশাহ চুটি কৰি

আলফুলে সামৰে ডায়েৰীৰ 

অপ্ৰকাশিত পৃষ্ঠা


লিৰিকিবিদাৰি প্ৰতিটো শব্দত হাত বুলাওতেই জীৱনৰ কুঁহিপাঠখনে মোলৈ চাই মিচিকিয়াই হাঁহিলে

হুমুনিয়াহ এৰি ডায়েৰীখন সামৰিব লওঁতেই 

প্ৰাপ্তি-অপ্ৰাপ্তিৰ চাকনৈয়াত ‘মই’জনী পুনঃ মুৰ ডাঙি উঠিলে।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages