জুবিন পগলা আৰু জুবিন পাগল অসম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

জুবিন পগলা আৰু জুবিন পাগল অসম



 জুবিন পগলা আৰু জুবিন পাগল অসম


জাতিৰাম কমান


‘তই জুবিন পাগলা নহয় ?

হয়।

মই জানো তই জুবিন পাগলা।

হয়।

তই ৰাণা কলিতাৰ ঘৰত থাকা,মই জানো।

হয়।

তই ৰাতি ৰাতি ঘূৰি ফুৰ’ ?

হয়।

তই দিনত শুই থাক’ ?

হয়।

তয়ো পাগলা, ময়ো পাগলা।

হ’ব দে, আমি দুয়ো পাগলা।

  গুৱাহাটী মহা নগৰীৰ গনেশগুৰিৰ ফুটপাথত থকা এজন পগলাৰ সৈতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কথোপকথন। ভূমাস্পৰ্শ কৰা এগৰাকী মহান শিল্পী তথা মানৱদৰদী ব্যক্তিৰ বাবেহে সম্ভৱ এনে আচৰণ।জুবিন গাৰ্গে নিজৰ ব্যক্তিত্বক মিছা আৱৰণেৰে ঢাকি ৰখা নাছিল।কৃত্ৰিম আভিজাত্যৰে নিজৰ ভাৱমূৰ্ত্তিক আচ্ছন্ন কৰি ৰখা নাছিল। জুবিন গাৰ্গৰ জীৱন শৈলী এক খোলা কিতাপৰ দৰে আছিল। জুবিনৰ নিজা কথাৰে —

  ‘মোৰ কোনো জাতি নাই

    মোৰ কোনো ধৰ্ম নাই।

    মই মুক্ত! মই কাঞ্চনজংঘা।

এৰা, জুবিন গাৰ্গৰ ব্যক্তিত্ব কাঞ্চন জংঘাৰ দৰেই ওখ আছিল। মুক্ত বিহংগৰ দৰে উৰি ফুৰিছিল তেওঁ প্ৰকৃতিৰ মাজত। জাতি ভেদ বিচাৰ নকৰি নিজকে জনতাৰ মাজত মিলাই দিছিল। জুবিন গাৰ্গ এক অন্যন্য

শিল্পী সত্তা। জ্যোতি-বিষ্ণু আৰু সুধাকন্ঠৰ জীৱন শৈলীৰ লগত পৃথক আছিল জুবিন গাৰ্গৰ জীৱন। সংগীতৰ সৃষ্টিত মজি থকা শিল্পী গৰাকীৰ মাজত শিশুসুলভ এটি মন আছিল, জনতাক আপোন কৰিব পৰা এক বে-পৰুৱা স্বভাৱ আছিল যি স্বভাৱত কৃত্ৰিমতাৰ ৰহন সানি টিআৰপি বোটলাৰ অভিপ্সা নাছিল। স্বভাৱসিদ্ধ সৰলতাৰে মানুহৰ সতে মিলি মানুহৰ মাজত সোমাই পৰিছিল বাবেই জুবিন নামৰ সত্তাটো সকলো শ্ৰেনীৰ জনতাৰ হৃদয়ত এক আছুতীয়া স্থান দখল কৰি আছে,যি স্থান অনুৰাগীৰ মনৰ মণিকূটত থাপিত এটি থাপনা, যি থাপনা অকল উপাস্য দেৱতাৰ নিমিত্তেহে থাপিত হয়।

জুবিন গাৰ্গে সেই স্থানেই জনতাৰ হৃদয়ত দখল কৰিবলৈ সক্ষম হল। জুবিন গাৰ্গ, জুবিন অনুৰাগীৰ বাবে ভগৱান। জনতাৰ মাজত নিজকে বিলাই দিব পৰা অন্যন্য গুণখিনি থকাৰ বাবেই আজি জুবিন গাৰ্গ জনতাৰ অতি ওচৰত থকা শিল্পী।শয়ণে সপোনে কেৱল জুবিন আৰু জুবিন।

   ‍জুবিন গাৰ্গৰ সংগীত প্ৰতিভাৰ কথা নিসন্দেহে অতুলনীয়। কেৱল সংগীতৰ ৰাগীত মতলীয়া হৈ থকা শিল্পী জুবিন নহয়। সংগীত সৃষ্টিৰ মাজেদিয়েই তেওঁ মানৱতাৰ খোজবোৰ বিচাৰি পাইছিল। অনুপম গীতৰ সৃষ্টিৰ মাজেদি গৈ থাকোঁতে মানুহৰ সুখ দুখ, দয়া মমতা, প্ৰেম, ভালপোৱা, বিচ্ছেদ বেদনা সকলো মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল।

  দীন হীন জনক নিসংকোচে সহায়ৰ হাত আগ বঢ়াইছিল।তেনে গুণ থকাৰ বাবেইতো জুবিন মানৱদৰদী শিল্পী।

   দুৰ্নীতিত পিষ্ট সমাজৰ মানুহবোৰ, কুৰ্চুট কপটালিবোৰ দেখি হয়তু বহেমিয়ান শিল্পী গৰাকী মাজে মাজে বিদ্ৰোহী হৈ উঠিছিল, নিপীড়িত জনতাৰ দুখ দুৰ্দশাবোৰ দেখি চলিত ব্যৱস্থাৰ প্ৰতি প্ৰতিবাদ মুখৰ হৈছিল, যি প্ৰতিবাদৰ ভাষা আছিল ব্যতিক্ৰম, বে পৰুৱা, বিন্দাচ।

    জুবিন গাৰ্গে ইচ্ছা কৰা হ’লে মুম্বাইৰ দৰে স্বপ্ন নগৰীত থাকি নিজৰ কেৰিয়াৰ গঢ়ি, স্বপ্নৰ সৌদাগৰ হব পাৰিলেহেঁতেন! বলিউড সংগীত জগতৰ এগৰাকী তাৰকা হ’ব পৰা সকলো গুণেই আছিল জুবিন গাৰ্গৰ গাত। কিন্তু জননীক ভালপোৱা শিল্পী গৰাকী ঘূৰি আহিল অসমলৈ। নিজৰ আপোন জেগালৈ ঘূৰি আহি মাটি আৰু মানুহৰ গীত গালে।জুবিন গাৰ্গে গোৱা ৰোমান্টিক গীতসমূহৰ মাজতেই লুকাই আছে মাটিৰ গোন্ধ, মানুহক ভালপোৱাৰ আমেজ। বৰগীত, লোকগীত, দেহ বিচাৰ গীতকে আদি কৰি বিহুগীত, আধুনিক গীত, ৰোমান্টিক গীত আদি সকলো প্ৰকাৰৰ গীতেই জুবিন গাৰ্গে গাইছে। সুন্দৰ গীত লিখিব পৰা,সুমধুৰ সংগীত দিব পৰা সুন্দৰ কন্ঠৰ গৰাকী জুবিন গাৰ্গে গীতৰ নিজৰা বোৱাইছিল, গীতৰ নৈ বৈছিল জুবিনৰ কন্ঠত। সেইখিনিলৈকে জুবিন গাৰ্গ এগৰাকী সুন্দৰ কন্ঠশিল্পী। কিন্তু জুবিনক আমি অকল এগৰাকী কন্ঠশিল্পীতেই সীমিত কৰি ৰাখিব নোৱাৰোঁ। পৰম্পৰাগত কন্ঠশিল্পীৰ পৰিধি ভাঙি জুবিন বহুদূৰ আগবাঢ়ি গল। জুবিন গাৰ্গৰ অভিধা এতিয়া অকল এগৰাকী কন্ঠশিল্পী নহয়। শিল্পীৰ প্ৰাচীৰ ভাঙি জুবিন হৈ পৰিল জন নায়ক। জুবিন কেৱল মাত্ৰ গান গোৱা মানুহ হৈ থকা নাই। গান লিখিব পৰা মানুহ, গান বনাব পৰা মানুহ, গানত সুৰ সৃষ্টি কৰিব পৰা মানুহ, গানত প্ৰাণ ঢালি গাব পৰা মানুহ, গানেৰে শ্ৰোতা দৰ্শকক সন্মোহিত কৰিব পৰা মানুহ গতিকেই জুবিন গাৰ্গ শিল্পী। মানুহৰ শিল্পী।জনতাৰ শিল্পী।

   জুবিন গাৰ্গে কথাৰ বাহুল্যতাৰে প্ৰচলিত কৰাপ্ত চিষ্টেমক সমালোচনা কৰা নাছিল। তেওঁৰ ক্ৰিটিচাইজ কৰা ধৰণ একেবাৰেই সুকীয়া আছিল। এটি মাথোঁ শব্দৰে, মাথোঁ এটা বাক্যৰে থকা সৰকা কৰিছিল প্ৰচলিত আসোঁৱাহপূৰ্ণ সমাজ ব্যৱস্থাক। সহ্যৰ সীমা পাৰ হলে,অতিপাত ৰুষ্ট হ’লে শিল্পীজনাই এটা শব্দৰে ইয়াৰ জবাব দিছিল। “ঘেন্টা!” জুবিনৰ প্ৰিয় শব্দ। ঘেন্টা বুলি কলেই জানিব যে কিবা এটা অনৰ্থ হৈছে!

জুবিনে কৈছে – “পৰিৱৰ্তন শব্দটো ভাল লাগে,কিন্তু হৈছে কি? হৈছে বাল। মূৰকত থাকিবগৈ আমাৰ টিকাটো।” কথাটো প্ৰচলিত কথনৰীতিৰে কৈছে যদিও কথাটোৰ মাজত এটা গূঢ়াৰ্থ আছে, আছে এটা বাৰ্তা; তাকেই শিল্পীজনাই হোজা গঞাৰ ভাষাৰে কৈ গৈছে। আৰু সেই কথন ভংগীৰ বাবেই জুবিন জনতাৰ অতি ওচৰৰ মানুহ, মনৰ মানুহ।কাৰণ,জনতাই মুখ খুলি আনুষ্ঠানিকভাৱে, সমজুৱাভাৱে ক’ব নোৱৰাকথাষাৰ গাজত লগাকৈ নিসংকোচে কৈ দিয়ে।

   জুবিন গাৰ্গে যন্ত্ৰৰ দৰেই গীত গাই গৈছিল। আৰু জুবিনক মানুহে যন্ত্ৰৰ দৰেই গীত গাব দিছিল অবিৰতভাৱে– যত বিৰাম নাছিল, বিশ্ৰাম নাছিল।কিন্তু জুবিন গাৰ্গ যন্ত্ৰ হব বিচৰা নাছিল। নিসংগতাত ভোগা শিল্পী গৰাকী ভাগৰি পৰিছিল, অলপ বিশ্ৰাম ল’ব বিচাৰিছিল কিন্তু ভাগৰুৱা বিধ্বস্ত মন এটা লৈ আমাৰ মাজৰ পৰা গুছি গল কাহানিও ঘূৰি নহা বাটে। তেওঁ মানুহেৰে ঘেৰি থাকিও যেন মানুহৰ মাজত অকলশৰীয়া আছিল! সাগৰৰ মাজত থাকিও এটোপাল পানী পোৱা নাছিল আকন্ঠ পান কৰিবলৈ! কথা সাহিত্যিক, ঔপন্যাসিক, গদ্যকাৰ ৰীতা চৌধুৰীৰ সতে কৰা প’ডকাষ্ট আছিল জুবিন গাৰ্গৰ শেষ ইন্টাৰভিউ। জুবিনক বৰ ভাগৰুৱা যেন দেখা গৈছিল। তাতেই জুবিনে ক্ষোভেৰে ব্যক্ত কৰিলে যে তেওঁক মানুহে যন্ত্ৰ কৰি পেলালে, কিন্তু তেওঁ যন্ত্ৰ নাছিল! হয়তু অনুৰাগীৰ মৰমৰ অত্যাচাৰত শিল্পীজনা ভাৰাক্ৰান্ত হৈছিল! তেজ মঙহৰ মানুহজন গীত গোৱা ৰবটৰ দৰে ব্যৱহৃত হৈছিল!তাতেই গুণমুগ্ধৰ দোষটো হয়তু থাকি গল! অবিবেচক অন্ধ অনুৰাগে অনুভৱ কৰিব নোৱাৰিলে তেজ মঙহৰ মানুহে বব পৰা নূন্যতম বোজাখিনি! জুবিন অনুৰাগী হিচাপে হয়তু জনতাৰ মাজত কিছু খুঁত থাকি গল! তেওঁৰ কন্ঠক অকল ব্যৱহাৰ কৰা হ’ল। তেজ মঙহৰ মানুহজনক হয়তু বহুতে বুজি নাপালে! শিল্পীজনাৰ মাজত নিহিত থকা সাধাৰণ মানুহজনৰ মৌলিক প্ৰয়োজনৰ কথা চিন্তা নকৰি হয়তু অজানিতে আঘাত কৰা হ’ল! জুবিন গাৰ্গৰ ক্ষোভ অমূলক নাছিল। আমি সাধাৰণ অনুৰাগী হিচাপে শিল্পীৰ পৰা সিমানেই বেছি আশা পালি থাকোঁ যে তেওঁ আৰু গাওক, গাই গাই ঢলি পৰক, গাই গাই নিঃশেষ হৈ যাওক। কিন্তু তাতেই আমি মাৰ খাই যাওঁ। আমি ভাৱিবলৈ এৰি দিওঁ যে তেওঁও আমাৰ দৰেই এগৰাকী তেজ মঙহৰ মানুহ।ভোক তেওঁৰো লাগে, পিয়াহ তেওঁৰো লাগে, ভাগৰ তেওঁৰো লাগে, আমাৰ দৰে তেওঁকো বিশ্ৰামৰ প্ৰয়োজন হয়।

   শিল্পী গৰাকীক বিশ্ৰাম নিদিয়া আমিবোৰৰ পৰা নিলগে, নিৰৱে আতঁৰি তেওঁ অনন্ত কালৰ বাবে বিশ্ৰাম ললে।

 হে জুবিন অনুৰাগী! শুনা, জুবিন দাক বিশ্ৰাম লাগে। তোমাৰ জুবিন দা টোপনি গৈছে।মৰ টোপনি। তুমি তাক নজগাবা। জুবিনক টোপনিৰ প্ৰয়োজন। তাক শুব দিয়া। মন ভৰি যোৱাকৈ শুই থাকিব দিয়া। সোনাপুৰৰ কমাৰকুছিত শান্তিৰে শুব দিয়া, য’ত সি জিৰাইছিল এবাৰ উজনিৰ পৰা গীত গাই ভাগৰুৱা দেহাৰে।জুবিনক শুব দিয়া। নজগাবা তাক। ধলপুৱাতে পূবাকাশলৈ চাবা– তাতেই জিলিকি থাকিব পুৱতি তৰা হৈ। জুবিন গাৰ্গ ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিব। অসমৰ আকাশে বতাহে বিয়পি থাকিব জুবিন। তৰু তৃণ, গছ লতিকাত জুবিনক বিচাৰিলে পাবা। সুহুৰি মাৰি মাতিলে মৃদু সমীৰণ হৈ জুবিনে তোমাৰ দেহা শীতল কৰিব। জুবিনক পাবা অসমৰ যিকোনো কোণত। জুবিন অবিনশ্বৰ। জুবিন অমৰ।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages