আর্থ-সামাজিক দিশত ধর্মীয় উৎসৱৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

আর্থ-সামাজিক দিশত ধর্মীয় উৎসৱৰ ভূমিকা

 

আর্থ-সামাজিক দিশত ধর্মীয় উৎসৱৰ ভূমিকা


প্রতীক্ষা শর্মা


   পোন প্রথমে এটি ব্যক্তিগত প্রশ্ন আগবঢ়াব বিচাৰিছোঁ-আমি ধর্মীয় উৎসৱসমূহ কিয় পালন কৰোঁ? কোনোরে হয়টো ক’ব অতীজৰ পৰা ধৰ্মীয় উৎসৱ পালন কৰি আহিছে, কোনোৱে ক’ব পৰমাত্মাৰ প্ৰতি থকা আস্থা, কোনোৱে আকৌ ক’ব মনৰ শান্তিৰ বাবে ধর্মীয় উৎসৱসমূহ পালন কৰোঁ। উত্তৰটো যিয়েই নহওঁক প্রায় প্রতিজন ব্যক্তিয়ে ইতিবাচক উত্তৰ দিয়াৰ মূল কাৰণটোৱেই হ’ল ধৰ্মৰ মাদকতা, ধৰ্মৰ প্ৰয়োজনীয়তা। ধর্ম যিয়েই নহওঁক প্রায় প্রতিজন ব্যক্তিয়েই ধর্মীয় উৎসৱসমূহক প্রাধান্য দিয়ে। এজন নাস্তিক ব্যক্তিয়ে পৰমতমজনক স্বীকাৰ নকৰিলেও ধর্মীয় উৎসৱৰ অস্তিত্বক অস্বীকাৰ নকৰে। এই ধর্মীয় উৎসৱসমূহ আমাৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ লগত বিশেষভাৱে সংযুক্ত। কিন্তু প্রথমে জানিব লাগিব ধর্ম কি? অর্থনৈতিক আৰু সামাজিক দিশটোত ধর্মীয় উৎসৱৰ ভূমিকা কি? লগতে বৰ্তমানৰ যুৱচামটোৰ কৰণীয় কি?


ধর্ম কি?

   ধর্ম শব্দটি সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ধাৰণ কৰা। দাৰ্শনিক দৃষ্টিভংগীৰে চাবলৈ গ’লে ধর্ম বিশ্বদৰ্শনৰ বাহিৰে একো নহয়। বিশ্বব্ৰহ্মাণ্ডৰ অণু পৰমাণুৰ পৰা আৰম্ভ কৰি বিশালতম জীৱ নীলাতিমিটোৰ বাহ্যিক স্থানকো সাঙুৰি লয়। দার্শনিকসকলৰ মতে ইয়াৰ মাজত থকা আমাৰ অস্তিত্বক ব্যক্তিগত আৰু সামাজিক আচৰণৰ বাবে এক নীতিশাস্ত্ৰৰ পথৰ প্ৰয়োজন হয় আৰু সিয়েই ধর্ম। কিন্তু সকলোখিনি চালি-জাৰি চাই সহজ অৰ্থত ধৰ্মৰ সংজ্ঞা হিচাপে আমি ক’ব পাৰোঁ মানৱসৃষ্ট সমাজখনৰ নৈতিক দিশটো ঠিক ৰখাৰ বাবে ই এক প্রচেষ্টা যিয়ে সাংস্কৃতিক পটভূমিত মানুহৰ মাজত ঐক্যভাৱ স্থাপন কৰে। আধ্যাত্মিকতা, নৈতিকতা আৰু দৰ্শন মানুহ মাত্রে বেলেগ হ'লেও সকলোৰে উদ্দেশ্য এটাই পৰমতম শক্তিৰ ওপৰত আস্থা। অনাদি কালৰ পৰা পালন কৰি অহা ধৰ্মৰ অভিন্ন অঙ্গ হিচাবে পরিত্র মূহুর্তসমূহত মানুহ সমাবেত হৈ একেমুখে কাৰ্যসূচী পালন কৰে। এনে ধৰ্মীয় সমাৱেশৰ বলতেই ইখন ঠাইৰ পৰা সিখন ঠাইৰ মানুহৰ মাজত একাত্মবোধৰ সৃষ্টি হয়। কোনোৱে আড়ম্বৰপূৰ্ণভাৱে কোনোৱে আকৌ অনুষ্টুপীয়াকৈ উৎসৱসমূহ পালন কৰে। মূলতঃ এইসমূহ উৎসৱত দেখা সাধাৰণ দৃশ্যটোৱে হ’ল ভক্তি, যি নেকি মানৱ ঢৌৰ সঙ্গমত এক ইতিবাচক শক্তিৰ উৎপন্ন কৰে।


ধর্মীয় উৎসৱ আৰু আর্থ-সামাজিক দিশটো-

  আমাৰ দেশত বৰ্তমান ধৰ্ম ৰাষ্ট্ৰ ব্যৱস্থাৰ মূল ভেঁটি। আমাৰ আৰ্থিক দিশটোৰ লগতে সামাজিক ক্ষেত্ৰখনক ধৰ্মই নিজৰ মাজত একাত্ম কৰি লৈছে। তলত আর্থ-সামাজিক দিশটোত ধর্মীয় উৎসৱসমূহৰ ভূমিকা সম্পর্কে আলোচনা কৰা হ'ল-


১. ধর্মীয় উৎসৱটোক কেন্দ্ৰ কৰি বাণিজ্য-বেপাৰ-

   ধৰ্মীয় উৎসৱ এটাৰ মুখ্য আকর্ষণেই হ’ল মানুহৰ সমাগম। এই সমাগমক কেন্দ্ৰ কৰি অনুস্থানটোৰ চৌপাশে এখন অস্থায়ী বজাৰ গঢ়ি উঠে যাৰ সহায়ত তাত উপস্থিত থকা সমগামী ব্যক্তিসকলৰ প্ৰয়োজন হয়। খাদ্য, পানীৰ পৰা আৰম্ভকৰি প্ৰয়োজনীয় ধূপ-ধূনা, নৈবদ্য পর্যন্ত ঠাইতে পোৱাৰ সুবিধা কৰি দিছে এই অস্থায়ী ব্যৱসায়ীসকলে। এনে পৰিৱেশে কেৱল কিছুসংখ্যক লোকক স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ উন্নয়নটো সহায় কৰিছে। দূৰ-দূৰণিৰ পৰা অহা লোকৰ বাবে গাড়ী- মটৰৰ পৰা আৰম্ভ কৰি অঞ্চল একোটাৰ উন্নয়নত সহায় কৰে।


২. চৰকাৰৰ গুৰুত্ব -

   কেতিয়াবা ধর্মীয় উৎসৱ একোটাই ঠাইখণ্ডক এনেকুৱা জনপ্রিয় কৰে যে চৰকাৰখনে সেই অঞ্চলটোৰ ৰাষ্টা-ঘাট, উদ্যান, বহা ঠাই, পৰিৱেশটো পর্যটকৰ অনুকূল কৰিবলৈ তৎপৰ হৈ পৰে। কিয়নো কিছুমান উৎসৱৰ অনুভৱ ল’বলৈ বহু দূৰ-দূৰণিৰ পৰা মানুহৰ সমাগম হয়। উদাহৰণস্বৰূপে আমাৰ অসম কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ জনপ্ৰিয়তাৰ কথা ক’ব পাৰি। এই মেলাত সমাগম হোৱা লাখ লাখ জনতাই যাতে থকা লোৱাত কোনোধৰণৰ সমস্যা নাপায় তাৰ বাবে চৰকাৰে অতিৰিক্তভাৱে নিজাববীয়াকৈ সুৰক্ষা কার্য হাতত লৈ আহি আছে।


৩. ধর্মীয় উৎসৱ আৰু উদ্যোগসমূহ-

   ধর্মীয় উৎসৱ বুলি ক’লে সাধাৰণতে মনলৈ আহে কিছুমান বিশেষ সামগ্রী যেনে ফুল, খোৱা খাদ্য, পানী। এই সামগ্ৰীসমূহৰ উদ্যোগ স্থাপনেৰে দহজনে পেটৰ ভাত মোকলোৱাৰ লগতে স্বাৱলম্বী হিচাপে সমাজত স্থিতি লাভ কৰিছে। শাৰদী ৰাণী দূর্গা পূজাৰ সময়ত বিভিন্নজনে নিজৰ নিজৰ নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিবলৈ এখন মঞ্চ লাভ কৰে। এইবোৰৰ ওপৰি ফাকুৱা, দীপাৱলীত প্রয়োজনীয় ৰঙ, মাটিৰ চাকি আদি নির্মাণেৰে ও এচাম খাঁটি খোৱা লোকে জীৱিকা নিৰ্বাহ কৰি আছে। কোনোৱে যদি তাঁতশালত বোৱা কাপোৰসমূহ বিক্ৰীৰ বাবে লৈ গৈছে, কোনোরে আকৌ খাদ্যৰ যোগান ধৰি বাহিৰাকৈ দুই এপইচা অৰ্জন কৰিছে।


৪. খাদ্যৰ যোগান

   ধর্মীয় উৎসৱ বা অনুষ্ঠান এটাত মানুহে কৰা দান-দক্ষিণাক সৎ কামত নিয়োগ কৰা হয়। ভক্তগণৰ পৰা আৰম্ভ কৰি অঘৰী জীৱন- যাপন কৰা ব্যক্তিজনৰ বাবে ও অন্নৰ যোগান ধৰা হয় এই উৎসৱসমূহত। আনকি সেই সময়খিনিত কোনো কোনো ভক্তই ৰাজহুৱা ভোজনৰ দায়িত্ব লয়। ই কেৱল আর্থিকভাৱে দুর্বল ব্যক্তিৰ বাবে খাদ্যৰ যোগানেই নহয় সম্বলযুক্ত ব্যক্তিৰ সমাজৰ প্ৰতি দায়িত্ববোধৰ বাবে এক নজিৰ ও স্থাপন কৰে।


৫. ধর্মীয় সমিতিৰ দায়িত্ব -

   কেৱল খোৱা- লোৱাৰ ক্ষেত্ৰতেই উৎসৱ এটা সীমাবদ্ধ নাথাকে। বানপানী, ধুমুহা, ভূমিকম্প আদিৰ বলি হোৱা মানুহখিনিৰ নামত এনে অনুষ্ঠানসমূহৰ সমিতিসমূহে নিজাববীয়া প্রচেষ্টা হাতত লয়। কোনো কোনো অঞ্চলত সংগ্ৰহ কৰা টকা-পইচাৰে বহুত ঠাইত ধৰ্মশালাৰ নিচিনা আবাস বনাই দিয়া হয়। আনকি দুখীয়া কৃষকসকলক খেতিৰ সুবিধা দিয়াও আজিৰ আছে। যোৱা দশকটোৰ ভয়াৱহ কভিড মহামাৰীত বিভিন্ন ধর্মীয় অনুষ্ঠানৰ পৰা আৰ্তজনৰ বাবে অনুদান আগবঢ়োৱা হৈছিল। লগতে মঠ-মন্দিৰত সংগ্রহিত টকা-পইচাৰ কৰবোৰ চৰকাৰে শিক্ষা, চিকিৎসা বিভাগসমূহত খৰচ কৰে।


ব্যক্তিৰ বিশেষকৈ যুৱচামৰ কৰণীয়

   ধৰ্মৰ সৃষ্টি আচলতে মানুহৰ তাগিদা নহয়, সময়ৰহে। সেইয়ে পৃথিৱীৰ প্ৰত্যেক ধৰ্মৰ ভেঁটিয়ে সদর্থক প্ৰগতিৰ চিহ্ন বুলি কলেও ভুল নহ’ব। কিন্তু যি ধৰ্মৰ সৃষ্টি মানুহৰ মংগলার্থে এক সুসংহত ৰূপ দিয়াৰ অৰ্থত মানুহেই সৃষ্টি কৰিছিল, সেই ধৰ্মৰ অচিলা লৈয়ে মানুহৰ স্বয়ম্ভ ধৰ্মীয় নীতি-নিয়মে বহুলাংশে ধৰ্মৰ অৰ্থ, মর্যাদা তথা তাৰ লক্ষ্যক আঘাত হানিছে। গতিকে প্রকৃত অর্থত ধৰ্মীয় পৰম্পৰাসমূহ চলাই ৰাখি আর্থ-সামাজিক দিশটোক মজবুত কৰিবলৈ পাঁচটা অপৰিহাৰ্য পৰিকল্পনা উল্লেখ কৰিব পাৰোঁ যিসমূহে আমাৰ দেশখনৰ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনক একত্রিত কৰাত সহায় কৰিব। নিম্নোক্ত বিশ্লেষণত তাৰ আভাস দিবলৈ চেষ্টা কৰা হ’ল-


১. অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাঃ

    দেশখনৰ আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰখনে অৰ্থনীতিৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। দেশৰ অৰ্থনীতিৰ পৰিসৰৰ বিকাশৰ বাবে প্রয়োজন স্থানীয় উৎপাদিত সামগ্ৰীৰ বৃদ্ধি তথা বিদেশী সামগ্ৰীৰ ব্যৱহাৰ কম কৰা। ধার্মিক স্থল, উপাসনা স্থানসমূহৰ লগত যিহেতু আমাৰ আবেগিক ভাবাৱেগ জড়িত হৈ আছে তথা মানুহখিনি থাকে মানে ইয়াৰ মান লয় নহয়, গতিকে পূজা স্থলীৰ বাবে প্রয়োজনীয় সামগ্ৰীসমূহৰ উৎপাদনৰ কামত স্বদেশী উদ্যোগসমূহে আগভাগ ল’ব লাগে। লগতে নিজৰ আধ্যাত্মিক অনুষ্ঠানসমূহৰ খোৱা-লোৱা, বহা, ৰভা সজোৱা আৰু আন আন ব্যৱহৃত সামগ্ৰীৰ উৎপাদন আমাৰ দেশৰ হোৱাটো নিশ্চিত কৰিব লাগে। ইয়েই দেশখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিকাশেই নহয় আন দেশৰ সন্মুখত ভাৰতমাতাৰ সামাজিক একতা তথা সার্বভৌমত্ব ও অক্ষুণ্ণ ৰাখিব।


২. প্ৰযুক্তিৰ ব্যৱহাৰঃ

    বর্তমান প্ৰযুক্তিৰ যুগ। এখন দেশত বহি আন এখন দেশৰ সমসাময়িক বিকাশৰ খবৰ পোৱাৰ যুগ এইয়া। প্ৰযুক্তিৰ সহায়ত আজি কম সময়তে আমি মানস কৰা উৎসৱটোলৈ বা সেই ঠাইখনলৈ যাবলৈ সক্ষম হৈছো। অনুষ্ঠান এটাত কায়িকভাৱে ভাগ লব নোৱাৰিলেও ঘৰত বহিয়েই চচিয়েল মিডিয়াৰ সহায়ত সমসাময়িক কাৰুকাৰ্য্যৰ প্ৰত্যক্ষদর্শী হৈছোঁ। আনকি টিকট আৰু প্ৰসাদ পর্যন্ত আমি ঘৰৰ পৰাই আমদানি কৰিব পৰা ব্যৱস্থাও হৈ গৈছে। গতিকে আমাৰ উৎসৱসমূহৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে মানুহৰ কষ্ট বহুলাংশে হ্ৰাস কৰিব তথা প্ৰযুক্তিৰ সহায়ত উৎসৱ, ধর্মীয় স্থানসমূহত বিভীষিকা সৃষ্টি কৰিম বুলি ৰৈ থকা এচাম মানুহক হাতে-লোটে ধৰাত সহায়ক হ'ব। এনেও ভাৰতীয় সেনাই বহু স্থানত প্ৰযুক্তিৰ সহায়ত সন্ত্রাসবাদীৰ আক্ৰমণ নির্মূল কৰিবলৈ সক্ষম হৈছে। কোনোবা দর্শনার্থীৰ সংযোগ বিচ্ছিন্ন হ’লেও ইণ্টাৰনেটৰ ব্যৱহাৰেৰে যি স্থানতেই ঘৰ নহওঁক কিয় সুকলমে ঘৰলৈ পঠিয়াইছে। ডিজিটেল মার্কেটিঙৰ সহায়ত টকা-পইচা হাতত নোলোৱাকৈ দেশ-বিদেশৰ ধৰ্মীয় উৎসৱৰ সাক্ষী হ’বলৈ সক্ষম হৈছে।


৩. স্বনিয়োগ, স্বউৎপাদন তথা প্ৰতিৰক্ষাঃ

    আগতেও উল্লেখ কৰা হৈছে যে এতিয়াৰ যুগ যিহেতু আধুনিকতাৰ যুগ আজিৰ যুৱপ্ৰজন্ম তথা দেশৰ নিবনুৱাসকলে যদি প্রয়োজনীয় সামগ্ৰীসমূহৰ উৎপাদন, ব্যৱহাৰ আৰু প্ৰতিৰক্ষাৰ কামত নিজাববীয়াকৈ লাগি যায় তেন্তে ভাৰতবৰ্ষই উন্নয়নৰ ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ দেশসমূহৰ লগত ফেৰ মাৰিব পাৰিব। বৃদ্ধ দৰ্শনাৰ্থীৰ অহা-যোৱাৰ ব্যবস্থা কৰি দিয়া, দৰ্শন স্থলীলৈ অহা-যোৱা কৰা বাটত খোৱা শুকান খাদ্য, পানীৰ যোগান ধৰা, ফোনৰ সহায়ত লোকেচন উলিয়াই সুকলমে কিদৰে ঘৰলৈ উভতি আহিব পাৰি সেইবোৰ জেষ্ঠ্যজনক শিকোৱা তথা বাল্য আৰু কৈশোৰাৱস্থাৰ অনুজসকলত নৈতিক কর্মত মনোনিৱেশ কৰিবলৈ অভিপ্রেৰিত কৰা কামসমূহ উল্লেখনীয়।


৪. কৃষিখণ্ডৰ যোগেৰে সামাজিক-অর্থনীতিৰ বিকাশঃ

   এটা উৎসৱ কেৱল এটা দিন বা কেইটিমান মূহুৰ্তৰ বাবে পতা অনুষ্ঠান নহয়, সেই উৎসৱৰ লগত জড়িত হৈ থাকে এটা জাতি, মানুহৰ সোঁত। এইসকল মানুহৰ বাবে প্রয়োজন হয় প্ৰচুৰ খাদ্যৰ। মুখ্যত চাউলৰ দ্বাৰা বনোৱা খাদ্যকে প্রসাদ হিচাপে বিতৰণ কৰা হয় যদিও আটা, দাইল, ফল-মূল, বুট-মণ্ড, গাখীৰৰ লগতে চেনী-মৌ, শুকান খাদ্যৰ ও প্ৰচুৰ প্রয়োজন হয় যিসমূহৰ উৎপাদন নিৰ্ভৰ কৰে একমাত্র কৃষিখণ্ডত। আমাৰ দেশত গ্ৰাম্য অঞ্চলৰ অনুপাত প্রায় ৭০%। গতিকে পৰাম্পৰাগতভাৱে চলি অহা কৃষি কৰ্মক প্রযুক্তিবিদ্যাৰ সহায়ত অধিক উৎপাদনশীল কৰিলে কিছুমান ক্ষেত্রত অধিক লাভাৱান্বিত হোৱাৰ থল আছে।


৫. মানৱ সম্পদৰ বিকাশঃ

    পঞ্চম তথা প্রয়োজনীয় পৰিকল্পনাটোৱে হ’ল মানৱ সম্পদৰ বিকাশ। প্রত্যেকজন মানুহেই একো একোজন সম্পদ। ১৪০ কোটিৰ ওপৰত জনসংখ্যা থকা দেশখনৰ প্ৰত্যেকজন মানুহ যদি নিজ নিজ ক্ষেত্ৰত সফল হয় তেন্তে ভাৰতৰ বিকাশ ১০০ শতাংশই নিশ্চিত বুলি মই ভাবো। তাৰ বাবে প্ৰয়োজনীয় লক্ষ্য হ'ল নৈতিক কর্মত অভিলাষ। প্রত্যেকজন ব্যক্তি যদি ধার্মিক স্থিতিত দৃঢ় হয় আৰু দূর্নীতিবিৰোধী মনোভাৱ ৰাখি কাম কৰে তেন্তে সিয়েই আমাৰ দেশৰ উন্নয়ন এশ শতাংশই কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী।

    ব্যক্তি আৰু ধার্মিক কাৰ্যৰ সম্বন্ধ স্বাশ্বত, ওতঃপ্ৰোত। এই সম্পৰ্কৰ ভুল-শুদ্ধৰ বিশ্লেষণাত্মক বিচাৰ কৰাৰ ধৃষ্টতা নাই। মাথোঁ সমাজখনৰ বিশেষকৈ যুৱ-প্ৰজন্মৰ দায়িত্ব, ত্রুটিসমূহৰ আলোচনা তথা তাৰ সমাধানৰ পথহে দাঙি ধৰিব পাৰোঁ। যুর প্রজন্মই যিহেতু ভৱিষ্যত প্রজন্মলৈ নীতি-আস্থাসমূহ ধর্মীয় উৎসৱসমূহৰ জৰিয়তে লৈ যাব, ধৰ্মৰ সাংগঠনিক কাৰু-কাৰ্যৰ অ আ ক খ পৰিয়ালতে শিকি অহাটো দৰকাৰ, জনাটো প্রয়োজনীয়। পৈণত অপৈণত শাৰীৰিক-মানসিক স্থিতিৰ এই সন্ধিবছৰ কেইটাতে মানুহে সঠিক পথৰ পৰা বিচলিত হয় বুলি সৰহসংখ্যকে মন্তব্য দিয়ে। গতিকে নৈতিক নেতৃত্বৰ জ্ঞানে পিছলৈ সমাজক একো একোজন নিকা সম্পদ দিব, যাৰ তত্ত্বাৱধানত ধর্মীয় উৎসৱৰ মহিমাই আমাৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত প্ৰভুত্ব বিস্তাৰ কৰিব বুলি আশাবাদী।


লেখকৰ ঠিকনাঃ

নাম- প্রতীক্ষা শর্মা

শিক্ষানুষ্ঠান -কটন বিশ্ববিদ্যালয়

দূৰাভাষ- ৬০০৩৩০১৫৪১


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages