সুৰক্ষিত সমাজ
ঝৰ্ণা জিলি দলে
জনাই
সুৰক্ষাৰ সন্ধান হৈছে মানুহৰ প্ৰাচীন প্ৰয়াস। গুহাৰ অন্ধকাৰ পৰা আজিৰ দীপ্তিমান নগৰলৈকে মানুহে যি সাধনা কৰিছে, তাৰ মূলেই হৈছে নিৰাপত্তা— শাৰীৰিক, মানসিক, সামাজিক আৰু আত্মিক নিৰাপত্তা। সমাজ মানে কেৱল মানুহৰ সমষ্টি নহয়, সমাজ মানে আশা, সপোন আৰু বিশ্বাসৰ সূৰ্যোদয়। কিন্তু সেই সমাজ যদি ভয়, হিংসা আৰু অবিশ্বাসৰ আঁধাৰে আৱৃত হয়, তেন্তে কেতিয়াও সেই সমাজক সুৰক্ষিত বুলি ক’ব নোৱাৰি।
সুৰক্ষিত সমাজৰ কল্পনা হৈছে— শিশুৰ হাঁহি নিৰ্ভয় হৈ প্ৰতিধ্বনি হওক, মহিলাৰ হাঁহি ফুলৰ সুবাসৰ দৰে নিৰ্মল হৈ বিকশিত হওক, বৃদ্ধৰ হাঁহি হ’ব প্ৰশান্তি আৰু অভিজ্ঞতাৰ আলোক। সুৰক্ষিত সমাজ মানে প্ৰতিজন নাগৰিক নিজৰ অধিকাৰ আৰু দায়িত্বৰ মাজত সমতা বিচাৰি শান্তিৰে নিশ্বাস ল’ব পাৰিব।
আজিৰ বাস্তৱত চেলেঞ্জৰ অন্ত নাই। মাদকদ্ৰব্যে যুৱ প্ৰজন্মক আঁকোৱালি ধৰিছে, বেকাৰত্বে অপৰাধৰ পথ প্ৰসাৰিত কৰিছে, সামাজিক মাধ্যমৰ গুজবে সদ্ভাৱক বিষাক্ত কৰি তুলিছে। কিন্তু সমাজ মানে আশা, সমাজ মানে পুনৰুজ্জীৱন। প্ৰতিটো আঁধাৰৰ মাজত নতুন প্ৰভাতৰ আশা থাকে।
সুৰক্ষিত সমাজ গঢ়াৰ পথ শিক্ষা দিয়া। শিক্ষা মানে কেৱল জ্ঞানৰ ভাণ্ডাৰ নহয়, শিক্ষা মানে মানৱতাৰ প্রদীপ। শিক্ষাই শিকায় সদ্ভাৱ, ন্যায়, সমবেদনা আৰু দায়িত্ববোধ। শিক্ষিত সমাজে কেতিয়াও হিংসাৰ পথ বাচি নলয়।
তদুপৰি, সমাজ সুৰক্ষিত হ’ব পাৰে যদি আমি একেলগে ভাতৃত্ব বজাই ৰাখো। ধৰ্ম, ভাষা, জাতি বা ধৰ্মীয় বিভাজনৰ আঁচলেৰে যদি আমি একে-অনেৰ হৃদয়ক আৱদ্ধ নকৰে, তেন্তে সমাজ সঁচাকৈ সুৰক্ষিত হ’ব। সুৰক্ষাৰ প্ৰাচীৰ আইন বা চৰকাৰকেৰে নহয়, মানৱতাৰ ভিত্তিতেই গঢ়া যায়।
সুৰক্ষিত সমাজৰ কল্পনা সপোনৰ দৰে লাগিব পাৰে, কিন্তু প্ৰতিটো সপোনই যদি সঁচা হৃদয়ৰ কামনাৰ পৰা জন্ম লয়, তেন্তে সেই সপোন বাস্তৱলৈও আঁতৰি আহে। আমাৰ হাতেই সমাজ গঢ়াৰ শক্তি আছে। যদি আমি সদ্ভাৱ, সন্মান, ভাতৃত্ব আৰু সমবেদনা বাট বাটি চলোঁ, তেন্তে একেদিন আমি গৌৰৱৰে ক’ব পাৰিম—“হয়, আমি এক সুৰক্ষিত সমাজৰ নাগৰিক।”
No comments:
Post a Comment