গাঁৱলীয়া জীৱন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

গাঁৱলীয়া জীৱন


 গাঁৱলীয়া জীৱন


                           ভৰত কামান 


পুৱতি সূৰ্যত নাঙল লৈ 

কৃষকে গঢ়ে জীবনৰ জীৱিকা,

বাঁহীৰ ধ্বনিত, শিশুৰ হাঁহিত

হয় জীৱন সুখময়।


সেউজীয়া পথাৰ ধাননিৰে ভৰা 

ধানৰ সুভাসেৰে গাঁওখন গঢ়া,

শান্ত আকাশ, ধানৰ গন্ধ

হৃদয়ত বাজে বাঁহীৰ ছন্দ।

সন্ধিয়া বেলাত জোনাক মেলে

কণ কণ মইনাহত দৌৰা-দৌৰে 

ককাদেউতাৰ সাধু শুনিবলে।


মানুহৰ মাজত স্নেহৰ গাঁথনি 

আত্মীয়তা থাকে হৃদয়খন ভৰি;

গাঁৱলীয়া জীৱন —

হাঁহি কান্দোনৰ সমান সংগী 

প্ৰকৃতিৰ বুকুত লিখা কাব্য 

মাটিত ঘামেৰে গঢ়ে 

জীৱন সংগ্ৰামৰ গীতি।

বানৰ কবলত যায় পথাৰখন

সপোন ভাঙে কৃষকৰ মনত,

আপোন ঘৰখন ভটিয়াই যায়

কান্দোনৰ ৰোল গাঁওখন বোৱায়

তথাপি গাঁৱলৈ হেৰুৱা নাই

জীৱন জীয়াৰ আশা।


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages