প্ৰতিযোগিতামূলক পৰীক্ষাৰে ভাৰাক্ৰান্ত মহানগৰী
শতাব্দী শৰ্মা
নগাঁও
দেওবাৰবোৰ মহানগৰীত জী উঠে,
বাৰম্বাৰ প্ৰতিযোগিতাৰে।
বাছ, টেক্সী, ৰে’লত শত সহস্ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী।
দেওবাৰে আয়োজন হয় কাৰোবাৰ ভাগ্য নিৰ্ণয়ৰ,
কাৰোবাৰ ভাগ্য উদয়ৰ,
কাৰোবাৰ অগ্নিপৰীক্ষাৰ।
দেওবাৰে মহানগৰীৰ অলিয়ে গলিয়ে
এচপিৰেণ্টৰ আড্ডা বহে।
তেওঁলোকে কিমান এটেম্প্ত কৰিছে ??
কিমান যে পঢ়িছে!
অথচ এটা ছিটৰ অভাৱ,
এটা কোৱালিফাইড মাৰ্কৰ অভাৱ!
পৰীক্ষা দি থকা মানুহৰ আবেগ অনুভূতি কমি যায়,
বাৰে বাৰে পৰীক্ষাবোৰে মন মগজুত বিষক্ৰিয়া কৰে,
কেতিয়াবা নোপোৱাৰ আৰু কেতিয়াবা পাইয়ো হেৰুৱাৰ দোমোজা!
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:
Post a Comment