প্ৰতিবিম্ব
জুনুকা পাঠক
বৰপেটা
ক্ৰমান্বয়ে—
গধূলি গভীৰ হ’ল
ডাঠ এন্ধাৰে কাঠ হাঁহি মাৰি মোক
ক’লে—
মোৰ বুকুত কি পোৱা—?
মইটো নহয় দাপোনৰ প্ৰতিবিম্ব।
মই ক’লো;
নাজানো—
তোৰ ৰহস্য
কিন্তু–
তোৰ ছাঁত স্মৃতিৰ পৃষ্ঠা পঢ়ো
বৰ্ত্তমানৰ কৃত্ৰিম যান্ত্ৰিকতাৰ পৰা
নিলগে জিৰাও
আৰু—
ভবিষ্যত—
আশাতীত কল্পনাৰ
সাকো পাৰ হৈ
স্বপ্নীল আকাশ পাওঁ।
Doksiri দকচিৰি, অক্টোবৰ, ২০২৫


No comments:
Post a Comment